গুৱাহাটী, 21 মাৰ্চ : লোকসভা নিৰ্বাচনলৈ মাজত এটা বছৰ বাকী আছে যদিও ইতিমধ্যেই ৰাজনৈতিক দলসমূহে সমীকৰণ আৰম্ভ কৰিছে । অসমত লোকসভাৰ 14 খন আসনৰ কোনে কিমান পাব তাক লৈ ইতিমধ্যেই জল্পনা-কল্পনা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । বিজেপিয়ে 12+ ৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলটোৱে ১৪ খন আসনেই লাভ কৰিব বুলি দাবী কৰিছে । ইফালে এ আই ইউ ডি এফ দলে তিনিখন আসন লাভ কৰিব বুলি দাবী কৰিছে (Lok sabha 2024)।
অৱশ্যে ৰাজনৈতিক এই জল্পনা-কল্পনাৰ মাজতে এ আই ইউ ডি এফক বাদ দি কংগ্ৰেছৰে সৈতে ১১ টাৰো অধিক ৰাজনৈতিক দলে সম্পৰ্ক স্থাপন কৰিছে । বিশেষকৈ বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছে বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ প্ৰয়াস কৰিছে । ইফালে কংগ্ৰেছৰ এই প্ৰয়াসৰ মাজতে এ আই ইউ ডি এফ দলেও কংগ্ৰেছৰে মিত্রতা কৰাৰ বাবে একপ্ৰকাৰে উঠিপৰি লগা দেখিবলৈ পোৱা গৈছে । অৱশ্যে প্ৰদেশ কংগ্ৰেছে কোনো কাৰণতে তথা কোনো পৰিস্থিতিতে এ আই ইউ ডি এফৰে মিত্রতা নকৰে বুলি স্পষ্ট কৰি দিছে (Congress AIUDF alliance) ।
প্ৰদেশ কংগ্ৰেছৰ এই স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰি এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ লগতে আন নেতাসকলে এ আই ইউ ডি এফৰে মিত্রতা নকৰিলে লোকসভা নিৰ্বাচনত কংগ্ৰেছ শূন্য হৈ যাব বুলি দাবী কৰিছে । ইফালে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়েও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তেওঁৰ স্থিতিৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰিছে । লগতে ভূপেন বৰাই লোকসভা নিৰ্বাচনত ১৪ খন আসন লাভ কৰিব বুলি কৰা মন্তব্যৰ ক্ষেত্রতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়কগৰাকীয়ে (Reaction of Suspended Congress MLA Sherman Ali) ।