অসম

assam

ETV Bharat / state

শুৱালকুছিৰ সাধুটোলত ন- বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

ৰাজ্যত পুনৰ সংঘটিত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা । এইবাৰ বস্ত্ৰনগৰী শুৱালকুছিত শহুৰ ঘৰৰ পৰিয়ালৰ বিৰুদ্ধে ন-বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ অভিযোগ ৷

By

Published : Dec 5, 2019, 11:18 PM IST

শুৱালকুছিৰ সাধুটোলত ন- বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা
SUSPECTED WOMEN SUICIDE AT SUALKUCHI

শুৱালকুছি,5 ডিচেম্বৰঃ বৃহস্পতিবাৰে শুৱালকুছিৰ সাধুটোলত সংঘটিত হয় এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা । শুৱালকুছিৰ শান্তিটোলৰ এগৰাকী মহিলাই এক ৰহস্যজনক আত্মহননৰ পথ বাছি লয় ৷ দুমাহ পূৰ্বে সাধুটোলৰ বিদিত মহন্তৰ সৈতে বিবাহ-পাশত আৱদ্ধ হৈছিল মহিলাগৰাকী ৷ বিয়াৰ পিছৰেপৰাই বিদিত মহন্তৰ পৰিয়ালৰ লোকে যৌতুক বিছাৰি নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ তুলিছে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে । কিন্তু বিয়াৰ দুমাহ নৌ-হওতেই ৰহস্যজনক অৱস্থাত বৃহস্পতিবাৰে পুৱাই বিদিত মহন্তৰ ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ । এই ঘটনাৰ পাছতেই স্বামী বিদিত মহন্তৰ ৰহস্যজনক পলায়নে সন্দেহ অধিক ঘনীভূত কৰি তুলিছে । ইতিমধ্যে বিদিত মহন্তৰ ঘৰত শুৱালকুছি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মহিলাগৰাকীৰ মৃতদেহ ৷

শুৱালকুছিৰ সাধুটোলত ন- বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

For All Latest Updates

ABOUT THE AUTHOR

...view details