কামৰূপ, 29 আগষ্টঃ ছয়গাঁৱৰ খৰখৰীত জব্দ সন্দেহযুক্ত টেংকাৰ ৷ গাঞ্জা থকাৰ সন্দেহত টেংকাৰখন জব্দ কৰে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ এটি দলে ৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত জব্দ কৰা টেংকাৰখনৰ নম্বৰ NL-01-AC-1527 ৷ উল্লেখ্য যে, জব্দকৃত টেংকাৰখনত বৃহৎ পৰিমাণৰ গাঞ্জা থকা বুলি গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই ৷ সেই অনুসৰি বুধবাৰৰ পুৱা ৬ বজাৰ পৰা গাড়ীখনৰ অনুসন্ধানত নামি পৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ এটি দল ৷ অৱশেষত বৃহস্পতিবাৰে গোৱালপাৰা দিশৰ পৰা গুৱাহাটীৰ দিশে গৈ থকা অৱস্থাত ছয়গাঁৱৰ খৰখৰীত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ দলটোৱে স্থানীয় ছয়গাঁও আৰক্ষী থানা আৰু ৰাইজৰ সহযোগত জব্দ কৰিবলৈ সক্ষম হয় ৷ দলটোৱে বুধবাৰৰ পৰাই টেংকাৰখন সন্ধানত নামি পৰাৰ লগতে বৃহস্পতিবাৰে টেংকাৰখনৰ পাচ লৈছিল ৷
ছয়গাঁৱত জব্দ সন্দেহযুক্ত টেংকাৰ
জব্দকৃত টেংকাৰখনত বৃহৎ পৰিমাণৰ গাঞ্জা থকা বুলি গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই ৷ সেই অনুসৰি বুধবাৰৰ পুৱা ৬ বজাৰ পৰা গাড়ীখনৰ অনুসন্ধানত নামি পৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ এটি দল
ছয়গাঁৱত জব্দ সন্দেহযুক্ত টেংকাৰ
আনহাতে, টেংকাৰখনত চোৰাং গাঞ্জা থকা বুলি সন্দেহ কৰা হৈছে যদিও এই মূহুৰ্তলৈকে আচল তথ্য প্ৰকাশ কৰা নাই ৷ বৰ্তমান টেংকাৰখন ছয়গাঁও আৰক্ষী থানাত ৰাখি থোৱা হৈছে ৷ তাৰোপৰি টেংকাৰখনৰ চালক আৰু কৰ্মচাৰী নিমিষতে পলায়ন কৰে বুলি জানিবলৈ দিয়ে দলটোৱে ৷