অসম

assam

By

Published : May 27, 2019, 7:53 PM IST

ETV Bharat / state

এন আৰ চিৰ শুনানিত ভীতিগ্ৰস্ত হৈ আত্মহননৰ পথ বাচি ল'লে ভাৰতীয়ই !

ৰাজ্যত এন আৰ চি উন্নীতকৰণৰ নামত প্ৰাণ গ'ল এজন ভাৰতীয়ৰ ৷ এন আৰ চি শুনানীৰ নামত সন্মুখীন হোৱা হাৰাশাস্তি তথা ভয়-ভাবুকিৰ বলি হৈ আত্মহননৰ পথ বাচি ল'লে এগৰাকী ৮৮ বছৰীয়া বৃদ্ধই

এন আৰ চিৰ শুনানিত ভিতিগ্ৰস্ত হৈ আত্মহননৰ পথ বাচি ল'লে ভাৰতীয়ই !

বকো, 27 মে': কামৰূপ জিলাৰ বকো সমষ্টিৰ অম্তৰ্গত সোণতলীৰ শেলোসুঁতিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ এন আৰ চিৰ শুনানীত ভীতিগ্ৰস্ত হৈ আত্মহত্যাৰ পথ বাচি লোৱাৰ সন্দেহ ৮৮ বছৰীয়া শেলোসুঁতি গাঁৱৰ আশ্ৰৱ আলীৰ ৷ প্ৰাপ্ত তথ্য মতে,যোৱা ২৩ মে' তাৰিখে ধীৰাজ বৈশ্য নামৰ লোক এজনৰ আপত্তিৰ ভিত্তিত আশ্ৰব আলীয়ে এন আৰ চিৰ শুনানিৰ উদ্দেশ্যে নলবাৰীলৈ গৈছিল ৷

এন আৰ চিৰ শুনানিত ভিতিগ্ৰস্ত হৈ আত্মহননৰ পথ বাচি ল'লে ভাৰতীয়ই !

কিন্তু শুনানিলৈ যোৱা আশ্ৰবক শুনানি কেন্দ্ৰতে বহু কেইগৰাকী বিষয়াই বিভিন্ন ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ তুলিছে স্থানীয় একাংশ লোকে ৷ যাৰ ফলত ভীতিগ্ৰস্ত হৈ আশ্ৰবে দেওবাৰে সন্ধিয়া আলহীৰ ঘৰলৈ যোৱাৰ ছলেৰে সেলেসুঁতি প্ৰাথমিক বিদ্যালয়ত আত্মহত্যা কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে,সোমবাৰে পুৱা স্থানীয় ৰাইজে মৃত বৃদ্ধ গৰাকীক প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ লগতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে সোণতলী আৰক্ষীয়ে জি এম চি এইচলৈ প্ৰেৰণ কৰে।

ABOUT THE AUTHOR

...view details