বাইহাটা, 30 অক্টোবৰ : কামৰূপৰ বাইহাটা চাৰিআলিত অঘটন । শনিবাৰে বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত মাৰৈ গাঁৱৰ পথাৰত টিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ এই মৃতদেহটোক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰে তীব্ৰ চাঞ্চল্যই ।
জানিব পৰা মতে, মৃতদেহটো মাৰৈ গাঁৱৰ যুৱক হাফিজুল আলী ওৰফে সৰুৰ বুলি চিনাক্ত কৰা হৈছে ৷ মৃত সৰুৰ পৰিয়ালৰ অভিযোগ, ‘সৰুৱে আত্মহত্যা কৰা নাই ৷ সৰুক হত্যা কৰি আত্মাহত্যাৰ ৰূপহে দিছে দুৰ্বৃত্তই’ ৷
ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ, হাফিজুল আলীক হত্যা কৰিছে একে গাঁৱৰে জাকিৰ আলী, চেলিম আলী, তাজুল আলী, নুৰ আলী, ভাইটি আলী, ৰেকি আলী আৰু মুন আলীয়ে ৷
ঘটনাৰ বিৱৰণি অনুসৰি, শুকুৰবাৰে নিশা প্ৰয় 11 বজাত হাফিজুল আলীক বিচাৰি তেওঁৰ ঘৰলৈ আহিছিল জাকিৰ আলী, চেলিম আলী, তাজুল আলী, নুৰ আলী, ভাইটি আলী, ৰেকি আলী আৰু মুন আলীয়ে ৷ কিন্তু হাফিজুল আলী ঘৰত নাই বুলি কোৱাত একে গাঁৱৰে ল’ৰা কেইজনে মৃত ফিজুল আলীৰ মাকক মাৰ-পিট কৰি গুচি যায় ৷ কিন্তু ৰহস্যজনকভাৱে শনিবাৰে পুৱা পথাৰত উদ্ধাৰ হয় হাফিজুল আলীৰ মৃতদেহ ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় কমলপুৰ আৰক্ষী ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আনকি এই ঘটনাসন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তও ৷
লগতে পঢ়ক :খানাপাৰাত উদ্ধাৰ ক্ষত-বিক্ষত মহিলাৰ মৃতদেহৰ অৱশিষ্ট