ৰঙিয়া, 8 জুন : মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ৰঙিয়াৰ মহকুমা প্ৰশাসন ৷ ৰঙিয়া তুলসীবাৰীত যোগান বিভাগৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সকীয়নী ব্যৱসায়ী সন্থাক । নিজ মৈমতালিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিব নোৱাৰিব কোনো ব্যৱসায়ীসকলে ৷ যোগান বিভাগে নিৰ্ধাৰণ কৰা মূল্যতকৈ অত্যাধিক দাম ললে কঠোৰ হ'ব ব্যৱসায়ীসকলৰ বিৰুদ্ধে ৰঙিয়া মহকুমা প্ৰশাসন । খুচুৰা তথা পাইকাৰী ব্যৱসায়ীসকলে নিজ নিজ দোকানত সামগ্ৰীৰ নিৰ্দ্ধাৰিত মূল্য সন্নিবিষ্ট ফলক আৰি দিয়াকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে যোগান বিভাগে ।
ৰাজ্যত কৰ'ণা সংক্ৰমণ ৰোধৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নীতিয়ে প্ৰভাৱিত কৰিছে সৰ্বসাধাৰণ লোকক । এনে এক সময়তে খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে চুই গৈছে গ্ৰাহকসকলক। অসাধু ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ ল'ব নোৱাৰাৰ বাবে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা।