অসম

assam

ETV Bharat / state

যোগান বিভাগত ক'লা ব্যৱসায়ীৰ দপদপনি: বিলাইছে প্লাষ্টিকৰ চাউল

ভিন্ন সময়ত ৰাজ্য়ৰ ভিন্ন প্ৰান্তত যোগান বিভাগ(Supply department)ৰ বিৰুদ্ধে উত্থাপন হয় ভিন্ন অভিযোগ । কেতিয়াবা যদি পঁচা চাউল আন কেতিয়াবা আকৌ প্লাষ্টিকৰ চাউল বিলোৱাৰ অভিযোগ । এইবাৰ পুনৰ বাইহাটাত যোগান বিভাগে প্লাষ্টিকৰ চাউল বিলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

By

Published : Jun 16, 2022, 3:35 PM IST

যোগান বিভাগত ক'লা ব্যৱসায়ীৰ দপদপনি: বিলাইছে প্লাষ্টিকৰ চাউল
যোগান বিভাগত ক'লা ব্যৱসায়ীৰ দপদপনি: বিলাইছে প্লাষ্টিকৰ চাউল

বাইহাটা,১৬ জুন:ৰাজ্যত পুনৰ প্লাষ্টিক চাউলৰ প্ৰসংগ । যোগান বিভাগ(Supply department)ক অসাধু কলা ব্যৱসায়ীয়ে প্লাষ্টিক চাউল যোগান ধৰাৰ অভিযোগ । দৰিদ্ৰ লোকক ৰঙিয়াৰ যোগান বিভাগে সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্ৰদান কৰা বিনামূলীয়া চাউলত প্লাষ্টিকৰ চাউল যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে(Accused of supplying plastic rice in free rice) । কামৰূপ জিলাৰ ডিমু দোৱক গাঁৱত পোহৰলৈ আহিছে এই ঘটনা ।

যোগান বিভাগত ক'লা ব্যৱসায়ীৰ দপদপনি: বিলাইছে প্লাষ্টিকৰ চাউল

কেইবাটাও পৰিয়ালক প্ৰদান কৰা সুলভ মূল্যৰ চাউলত ওলাল প্লাষ্টিকৰ চাউল । সচৰাচৰ গ্ৰহণ কৰি অহা চাউলৰ বিপৰীতে এই চাউল দেখি হাঁহাকাৰ লাগে গ্ৰাহকসকলৰ মাজত । পানীত দিলে ওপঙি উঠা আৰু পুৰিলে প্লাষ্টিক পোৰাৰ দৰে দুৰ্গন্ধ ওলোৱা চাউলখিনি দেখি চিন্তিত হৈ পৰে পৰিয়ালকেইটা । যদিহে এই মাৰাত্মক বৰবিহৰূপী প্লাষ্টিক চাউল ভক্ষণ কৰে নিশ্চিত ভাবে বিপদত পৰিব বুলি সদৰী কৰিছে একাংশ ভুক্তভোগী গ্ৰাহকে ।

ৰঙিয়া যোগান বিভাগে যোগান ধৰা চাউলত কেনেদৰে প্লাষ্টিৰ চাউল আহিল সেয়া তাক লৈ এতিয়া সৃষ্টি হৈছে এক ৰহস্যৰ । এই ঘটনা সন্দৰ্ভত এক উচিত তদন্ত দাবী কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে ।

লগতে পঢ়ক:বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতি চলাইছে বোকাখাত মহকুমা প্ৰশাসনে

ABOUT THE AUTHOR

...view details