আমিনগাঁও,10 জুন:এগৰাকী ৰোগীৰ আত্মহত্যাই চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে উত্তৰ গুৱাহাটীস্থিত জিএনআৰচি চিকিৎসালয়ত ৷ চিকিৎসালয়খনৰ দ্বিতীয় মহলাৰ আইচিইউ কক্ষৰ পৰা জপিয়াই আত্মহত্যা কৰে ৰোগীগৰাকীয়ে । ইতিমধ্যে কক্ষটোৰ খিৰিকীত থকা দুৰ্বল গ্ৰীল ভাঙি ৰোগীগৰাকীয়ে আত্মহত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে ৷
চিকিৎসালয় চৌহদত আত্মহনন ৰোগীৰ - North Guwahati Police
উত্তৰ গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়ত চাঞ্চল্যকৰ আত্মহত্যা ৰোগীৰ ৷ চিকিৎসালয়খনৰ দ্বিতীয় মহলাৰ আইচিইউ কক্ষৰ পৰা জপিয়াই আত্মহত্যা কৰে ৰোগীগৰাকীয়ে ৷
ৰোগীৰ আত্মহত্যা
ঘটনাৰ বিৱৰণী অনুসৰি,নিচা শক্তি ত্যাগ কৰাৰ বাবে চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল চাংসাৰীৰ ভিতৰখোলাৰ মহেশ্বৰ বড়ো নামৰ ব্যক্তিগৰাকীক ৷ প্ৰায় দুঘণ্টা জীৱন-মৃত্যুৰে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে নিচাসক্ত ৰোগীগৰাকীয়ে ৷ এই চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাই উদঙাই তুলিছে চিকিৎসালয়খনৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ ৷ বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে উত্তৰ গুৱাহাটী আৰক্ষীয়ে ৷
লগতে চাওকঃবাঘজানৰ পৰিস্থিতি পৰিদৰ্শন পলাশ চাংমাইৰ