ৰঙিয়া, 25 জানুৱাৰী : ৰঙিয়াত এটা আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ (Suicide case in Rangia) ৷ বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠান চিটি কাৰ্টৰ এগৰাকী কৰ্মচাৰীয়ে আত্মহননৰ চেষ্টা কৰি সংকটজনক অৱস্থাত চিকিৎসাধীন হ‘বলগীয়া হৈছিল ৷ অৱশেষত চিকিৎসাধীন অৱস্থাতে যোৱা দেওবাৰে কৰ্মচাৰীজনে মৃত্যুক আকোৱালি ল’লে । মৃত্যু হোৱা কৰ্মচাৰীজন ৰঙিয়াৰ বৰমুৰাৰ দিগিপাৰৰ নিবাসী কংকন কলিতা বুলি জানিব পৰা গৈছে ।
ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়াৰ বৰমুৰাৰ দিগিপাৰৰ নিবাসী কংকন কলিতা নামৰ যুৱকজন ৰঙিয়াৰ চিটি কাৰ্ট নামৰ শ্বপিং মলটোত কৰ্মৰত হৈ আছিল ৷ মলটোত বজাৰ কৰিবলৈ অহা এগৰাকী গ্ৰাহকক নিৰ্ধাৰিত মূল্যতকৈ কিছু কম মূল্যত সামগ্ৰী বিক্ৰী কৰা বুলি মল কৰ্তৃপক্ষই কংকন কলিতাৰ ওপৰত উঠাইছিল অভিযোগ । এই অভিযোগৰ পাছতেই বহুজাতিক প্ৰতিষ্ঠানটোৰ ৰোষত পৰিব লগা হয় কংকন কলিতা ৷
গ্ৰাহকক কম মূল্যত সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ সন্দৰ্ভত মল কৰ্তৃপক্ষ অৱগত হোৱাৰ পাচতেই চিটি কাৰ্ট নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ ৰঙিয়া শাখাৰ কৰ্তৃপক্ষই যুৱক জনক বিবস্ত্ৰ কৰি তালাচি লয় আৰু কৰ্মৰ পৰা অব্যাহতি দি খেদি পঠিয়াই । মল কৰ্তৃপক্ষৰ এই ব্যৱহাৰত লজ্জিত কংকন কলিতাই আত্মগ্লানিত ভোগী বিষ পান কৰি আত্মহত্যাৰ চেষ্টা চলায় (Suicide in Rangia Citykart) ।
পৰিয়ালৰ লোকে কংকনে বিষ পান কৰা বুলি নিশ্চিত হৈ অতি সংকটজনক অৱস্থাত যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে কংকনৰ মৃত্যু হয় (Guwahati medical college)। সমগ্ৰ ঘটনাটো সৰ্ন্দভত স্থানীয় ৰাইজে অৱগত হোৱাৰ পাচতে মল কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠে (Protest in Rangia against Citykart mall)৷