ৰঙিয়া, 7 আগষ্ট :অৱশেষত দুখন ঘৰৰ পৰা আহ-যাহ আৰম্ভ হৈছিল ৷ ঠিক হৈছিল দিন বাৰ ৷ দুয়োঘৰৰ মাজত বন্ধা হৈছিল আত্মীয়তাৰ এনাজৰী ৷ অৱশেষত দুই ঘৰত বাজিল বেণ্ডপাৰ্টীৰ বাজনা ৷ বিদায় দিয়া হ’ল দীপাঞ্জলিক ৷ ধুমধামেৰে সম্পন্ন হৈ গ’ল দীপাঞ্জলি-সঞ্জীৱৰ বিয়া ৷ মাহ-হালধি, হাতত জেতুকাৰ বোল লৈ নতুন ঘৰত প্ৰৱেশ কৰিছিল দীপাঞ্জলিয়ে ৷ সপোনবোৰ সামৰি আৰম্ভ কৰিছিল বৈবাহিক জীৱন ৷ এদিন-দুদিনকৈ পাৰ হৈছিল প্ৰায় ছমাহ ৷ কিন্তু কৰ’বাত যেন লাগিছিল কেণা ৷ মৰমিয়াল স্বামী সঞ্জীৱৰ আচাৰ-ব্যৱহাৰ লাহে লাহে সলনি হৈছিল ৷ কিন্তু হাজাৰ চেষ্টা কৰিও দীপাঞ্জলিয়ে পোৱা নাছিল অশান্তিৰ আঁত বিচাৰি ৷
আৰু অৱশেষত...অৱশেষত এনেকুৱা যে এটা দিন আহিব কোনেও হয়তো সপোনতো ভবা নাছিল ৷ মুহুৰ্ততে ভাঙি গৈছিল থুনুকা হৈ পৰা সপোনবোৰ ৷ অনাকাংক্ষিত খবৰটো পাই ব্ৰজ পৰিছিল দীপাঞ্জলিৰ পিতৃগৃহৰ লোকৰ মূৰত ৷ কিন্তু এয়াই যে সঁচা ৷ পৰিয়ালটোৰ মৰমৰ জীয়ৰী দীপাঞ্জলি আৰু নাই ৷ মাহ-হালধিৰ গোন্ধ দেহৰ পৰা মাৰ নৌযাওতেই ইহ সংসাৰৰ পৰা বিদায় মাগিলে ন-বোৱাৰীগৰাকীয়ে ৷
প্ৰকৃততে হৈছিল কি ?
ঘটনাৰ প্ৰেক্ষাপট ৰঙিয়াৰ তুলসীবাৰী ৷ বিগত প্ৰায় ছমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা দীপাঞ্জলিক বিবাহৰ পাছৰে পৰা প্ৰায়ে স্বামীগৃহৰ লোকে চলাই আহিছিল অমানুসিক অত্যাচাৰ ৷ এই অত্যাচাৰৰ মূলতে আছিল যৌতুক ৷ কিন্তু এইসম্পৰ্কে সময়ে সময়ে পিতৃ পৰিয়ালক অৱগত কৰিছিল দীপাঞ্জলিয়ে ৷ তথাপিও ভাবি লৈছিল এদিন সকলো ঠিক হ’ব ৷ কিন্তু ঠিক নহ’ল কাহানিও, বৰং বাঢ়িলহে দীপাঞ্জলিক কৰা অত্যাচাৰৰ মাত্ৰা ৷ এই অত্যাচাৰে অৱশেষত চূড়ান্ত পৰ্যায় পায়গৈ আৰু মৃত্যুক সাৱটি ল’বলগীয়া হয় দীপাঞ্জলিয়ে ৷