অসম

assam

ছয়গাঁৱত শোৱনি কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহঃ স্বামীগৃহ লণ্ড-ভণ্ড উত্তেজিত ৰাইজৰ

By

Published : Dec 1, 2019, 6:35 PM IST

ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ধুমগড়া বান্দাৰটাৰীত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে লণ্ড-ভণ্ড কৰে স্বামীগৃহ ৷ আৰক্ষীয়ে তদন্তৰ খাতিৰত মহিলাগৰাকীৰ স্বামী কুমুদ কলিতা আৰু দেওৰেক উৎপল কলিতাক আটক কৰিছে ৷

ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ধুমগড়া বান্দাৰটাৰীত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু
ছয়গাঁৱত বোৱাৰী নিৰ্যাতনৰ ঘটনা:শোৱনি কোঠাত উদ্ধাৰ মৃতদেহ

ছয়গাঁও,1 ডিচেম্বৰ: পুনৰাই অসমত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ধুমগড়া বান্দাৰটাৰীত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু হয় ৷ ঘটনাক কেন্দ্ৰ কৰি দেওবাৰে পুৱা অঞ্চলটোত সৃষ্টি হয় উত্তেজনা ৷

উত্তেজিত স্থানীয় ৰাইজে স্বামীগৃহৰ আচবাব লণ্ড-ভণ্ড কৰে ৷ ঘটনাৰ বিৱৰণী মতে, বান্দাৰটাৰীৰ কুমুদ কলিতাৰ পত্নী ৰেখা কলিতাৰ মৃতদেহ শোৱনী কোঠাৰ চিলিং ফেনত ওলমি থকা অৱস্থাত পোৱা যায় ৷ মৃতদেহটো পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰাৰ পিচত স্বাভাৱিকতে হুৱাদুৱাৰ সৃষ্টি হয় অঞ্চলটোত । স্থানীয় লোকে আৰক্ষী আৰু মহিলাগৰাকীৰ পৰিয়ালক ততালিকে খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

আনহাতে, ৰেখাৰ পৰিয়ালে এই মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে। ৰেখাৰ পৰিয়ালে কৰা অভিযোগ অনুসৰি, স্বামীৰ পৰিয়ালে প্ৰায়ে ৰেখাৰ ওপৰত অত্যাচাৰ চলাই আহিছিল । ইতিমধ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত মহিলাগৰাকীৰ স্বামী কুমুদ কলিতা আৰু দেওৰেক উৎপল কলিতাক আটক কৰিছে ।

ছয়গাঁৱত বোৱাৰী নিৰ্যাতনৰ ঘটনা:শোৱনি কোঠাত উদ্ধাৰ মৃতদেহ

লগতে চাওক:সৰুসজাইত 'খেলো ইণ্ডিয়া 2020'ৰ বৰ্ণিল অনুষ্ঠান

ABOUT THE AUTHOR

...view details