ৰঙিয়া, 1 জুন :আজিৰ পৰা কৰ্ম সংস্থাপন হেৰুৱাব লগা হৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনত শিক্ষা সেৱা আগবঢ়াই থকা প্ৰায় 900 শিক্ষক-কৰ্মচাৰীয়ে (Many teachers and employees of the state become unemployed) । এই শিক্ষক-কৰ্মচাৰীসকল হৈছে সৰ্বশিক্ষাৰ অধীনস্থ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা 96 খন আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত নিয়োজিত হৈ থকা লোক । কান্দোনত ভাঙি পৰিছে এতিয়া এইসকল কৰ্মচাৰী ।
শিক্ষা বিভাগৰ এক নিৰ্দেশনা অনুসৰি ৰঙিয়াস্থিত আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষানুষ্ঠানখন বুধবাৰৰ পৰা বন্ধ হৈ পৰে ৷ উল্লেখ্য যে, বিগত 14 বছৰে শিক্ষা সেৱা আগবঢ়াই আহিছিল এই শিক্ষানুষ্ঠানখনে ৷ বৰ্তমান শিক্ষানুষ্ঠানখনৰ পৰা এপদ এপদকৈ সামগ্ৰীসমূহ নি থকাত শোকত ভাগি পৰিছে এতিয়া কৰ্মচাৰীসকল ।
বিগত 14 টা বছৰে সমাজৰ এক বিশেষ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াত ব্ৰতী হৈ থকা এইসকল কৰ্মচাৰীৰ সন্মুখত এতিয়া অন্ধকাৰ ভৱিষ্যত । শিক্ষা বিভাগৰ এক নিৰ্দেশনা অনুসৰি কেন্দ্ৰটোৰ শিক্ষক-কৰ্মচাৰীয়ে বুধবাৰে কেন্দ্ৰটোৰ সকলো সাঁ-সজুলি বিভাগটোক ওভতাই দিব লগীয়া হৈছে ।