অসম

assam

ETV Bharat / state

শুৱালকুছিত অনুষ্ঠিত গ্ৰন্থ উৎসৱৰ মুখ্য তোৰণৰ দ্বাৰ উন্মোচন

ড৹ মামণি ৰয়চম গোস্বামী নামেৰে নামাকৰণ কৰা গ্ৰন্থ উৎসৱৰ মুখ্য তোৰণৰ দ্বাৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে ৷

By

Published : Jan 30, 2020, 9:57 PM IST

SUALKUCHI SAHITYA SABHA BOOK FAIR
গ্ৰন্থ উৎসৱৰ মুখ্য তোৰণৰ দ্বাৰ উদ্বোধন

কামৰূপ,30 জানুৱাৰীঃ অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনক লৈ উখল মাখল বস্ত্ৰনগৰী শুৱালকুছি । 31 জানুৱাৰীৰ পৰা 4 ফ্ৰেব্ৰুৱাৰী লৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে গ্ৰন্থ উৎসৱৰ মুখ্য তোৰণৰ দ্বাৰ (ড৹ মামণি ৰয়চম গোস্বামী নামেৰে নামাকৰণ ) উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে । এই গ্ৰন্থ উৎসৱত ৰাজ্যখনৰ শতাধিক গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিছে । দ্বাৰ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকি সভাপতি গৰাকীয়ে কয় যে, শুৱালকুছিৰ এইবাৰৰ অধিৱেশনে ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ । লগতে শুৱালকুছিবাসী ৰাইজক বাৰুকৈয়ে শলাগিলে পৰমানন্দ ৰাজবংশীয়ে ।

গ্ৰন্থ উৎসৱৰ মুখ্য তোৰণৰ দ্বাৰ উদ্বোধন

ABOUT THE AUTHOR

...view details