অসম

assam

By

Published : Jan 23, 2020, 7:28 PM IST

ETV Bharat / state

শুৱালকুচিত সাহিত্য সভাৰ অধিৱেশনস্থলী পৰিদৰ্শন অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শকৰ

অহা 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ শুৱালকুচিত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ অধিৱেশন ৷ বৃহস্পতিবাৰে আৰক্ষীৰ বিষয়াসকলৰ লগতে এটা বৃহৎ দলে আইন শৃংখলাজনিত কাৰণত পৰিদৰ্শন কৰে অধিৱেশনস্থলী ৷

সাহিত্য সভাৰ অধিৱেশন
সাহিত্য সভাৰ অধিৱেশন

শুৱালকুচি, 23 জানুৱাৰীঃ অসম সাহিত্য সভাৰ শুৱালকুচি অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিন ৷ অহা 31 জানুৱাৰীৰ পৰা4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ অধিৱেশন | অধিৱেশনৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে 80 শতাংশ প্ৰস্তুতি ৷ সেই হেতুকে বৃহস্পতিবাৰে অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক হৰমিত সিঙ আৰু উপ আৰক্ষী মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিনহাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে অধিৱেশনস্থলী পৰিদৰ্শন কৰি, আইন শৃংখলাজনিত বৈঠকত মিলিত হয় ৷ উল্লেখ্য যে, 3 ফেব্ৰুৱাৰী অধিৱেশনলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷

নিৰাপত্তাজনিত কাৰণত শুৱালকুচিত সাহিত্য সভাৰ অধিৱেশনস্থলী পৰিদৰ্শন আৰক্ষী বিষয়াৰ

ABOUT THE AUTHOR

...view details