অসম

assam

By

Published : Jun 4, 2019, 9:39 PM IST

ETV Bharat / state

ধোঁৱাচাঙত শিক্ষাৰ অধিকাৰ আইনঃ শিক্ষক বিচাৰি ধৰ্ণাত বহিল শিক্ষাৰ্থী

শিক্ষক নিযুক্তিৰ দাবীত চৰকাৰী বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীয়ে দিছে ধৰ্ণা। শিক্ষকৰ অভাৱত এই বিদ্যালয়খনত শৈক্ষিক দিশত অচলাৱস্থাৰ সৃষ্টি হৈছে ।

student-stages-protest

ৰঙিয়া , 4 জুন : ৰঙিয়াত শিক্ষকৰ অভাৱত উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত কণ কণ ছাত্ৰ-ছাত্ৰী । শিক্ষক নিযুক্তিৰ দাবীত চৰকাৰী বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীয়ে দিলে ধৰ্ণা। এই ঘটনা ৰঙিয়াৰ গুৰকুছি বুনিয়াদী বিদ্যালয়ৰ।
এজনীয়া শিক্ষকৰ এই বিদ্যালয়খনত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। আমাকো পঢ়িবলৈ দিয়ক , আমাক শিক্ষক লাগে , শিক্ষাৰ পৰা আমাক বঞ্চিত নকৰিব আদি শ্লোগানেৰে চৰকাৰক কাতৰ অনুৰোধ ছাত্ৰ-ছাত্ৰীৰ । শিক্ষকৰ অভাৱত এই বিদ্যালয়খনত শৈক্ষিক দিশত অচলাৱস্থাৰ সৃষ্টি হৈছে । এই বিদ্যালয়খনত ছয়টা শ্ৰেণীত 63 জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক আছে মাত্ৰ এজন । যাৰ বাবে এই কণ কণ ছাত্ৰ-ছাত্ৰীসকল উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হব লগা হৈছে । এজন শিক্ষকে ছয়টাকৈ শ্ৰেণীৰ 63 জন ছাত্ৰ-ছাত্ৰীক কিদৰে শিক্ষা প্ৰদান কৰিব সেয়া সহজেই অনুমেয় ।

ধোৱা চাঙত শিক্ষাৰ অধিকাৰ আইন:শিক্ষক বিচাৰি ধৰ্ণাত বহিল ছাত্ৰ-ছাত্ৰীৰ

আনহাতে এই বিদ্যালয়খনৰ সমীপতে আন এখন চৰকাৰী বিদ্যালয়ত 50 জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে চাৰি গৰাকীকৈ শিক্ষক । শিক্ষা বিভাগৰ এনেধৰণৰ অব্যৱস্থাই চৰকাৰী খণ্ডৰ একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে ‌। পূৰ্বতে ছাত্ৰ-ছাত্ৰী অনুপাতে অধিক সংখ্যক শিক্ষক থকা বিদ্যালয়ৰ পৰা কম সংখ্যক শিক্ষক থকা বিদ্যালয়লৈ শিক্ষক বদলি কৰি আনি সু-ব্যৱস্থা কৰাৰ কৰ্তৃত্ব শিক্ষা বিভাগৰ খণ্ড বিষয়াৰ কাৰ্যালয় পৰ্যায়ত আছিল । কিন্তু বিগত কিছু সময়ৰ ধৰি শিক্ষাৰ সংস্কাৰৰ নামত শিক্ষা বিভাগে এনেধৰণৰ কৰ্তৃত্ব খণ্ড প্ৰাথমিক অথবা জিলা পৰ্যায়ৰ পৰিবৰ্তে আয়ুক্ত পৰ্যায়ক দিয়াৰ বাবে ব্যাপক খেলি-মেলিৰ সৃষ্টি হৈছে । এনে ধৰণৰ নিয়মৰ বাবে একাংশ বিদ্যালয়ত প্ৰয়োজনতকৈ অধিক শিক্ষক থকাৰ বিপৰীতে আন একাংশ বিদ্যালয়ত শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে । শীঘ্ৰে এনেধৰণৰ ব্যৱস্থাৰ সংস্থাৰ সাধন কৰি সু-ব্যৱস্থা কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে ।

ABOUT THE AUTHOR

...view details