অসম

assam

By

Published : Nov 21, 2020, 10:04 AM IST

ETV Bharat / state

শিক্ষকৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দীৰ্ঘদিন ধৰি প্ৰধান শিক্ষকৰ পদ সৃষ্টি, বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা,2018 চনৰ জলপানি প্ৰদান আৰু শিক্ষকৰ আৰ্জিত ছুটি বছৰি দহ দিনৰ পৰা ত্ৰিশ দিনলৈ বৃদ্ধি কৰাৰ লগতে কেবাটাও বিষয়ক লৈ দাবী জনাই আহিছে ৷

state-government-approve-30-days-earn-leave-for-teachers
শিক্ষকৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

গুৱাহাটী, 21 নৱেম্বৰ : ৰাজ্যৰ শিক্ষক সকললৈ আশাৰ বতৰা ৷ ত্ৰিশ দিনৰ আৰ্জিত ছুটি প্ৰদানৰ সিদ্ধান্তৰে শিক্ষক সকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে অসম চৰকাৰে৷ যোৱা 5 নৱেম্বৰত অসম চৰকাৰ আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মাজত অনুষ্ঠিত এক বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷ এক বিবৃতিযোগে এই কথা সদৰী কৰে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৷ বিবৃতিটোত উল্লেখ থকা অনুসৰি,প্ৰধান শিক্ষকৰ পদ সৃষ্টি,বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা,2018 চনৰ জলপানি প্ৰদান আৰু শিক্ষকৰ আৰ্জিত ছুটি বছৰি দহ দিনৰ পৰা ত্ৰিশ দিনলৈ বৃদ্ধি কৰা সন্দৰ্ভত এতিয়ালৈকে অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে ৰাজ্য চৰকাৰৰ সৈতে 37 বাৰ আনুষ্ঠানিক আলোচনা কৰিছে ৷ ইয়াকে লৈ শেহতীয়াকৈ যোৱা 5 আৰু 14 নৱেম্বৰত শিক্ষা মন্ত্ৰীৰ সৈতে দুলানি আলোচনা হয় ৷ আলোচনা অনুসৰি শিক্ষকৰ আৰ্জিত ছুটি বছৰি দহ দিনৰ পৰা ত্ৰিশ দিনলৈ বৃদ্ধি কৰা সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে ফাইলৰ যাৱতীয় প্ৰক্ৰিয়া আগবাঢ়িছে ৷

উল্লেখ্য যে,অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দীৰ্ঘদিন ধৰি প্ৰধান শিক্ষকৰ পদ সৃষ্টি,বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা, 2018 চনৰ জলপানি প্ৰদান আৰু শিক্ষকৰ আৰ্জিত ছুটি বছৰি দহ দিনৰ পৰা ত্ৰিশ দিনলৈ বৃদ্ধি কৰাৰ লগতে কেবাটাও বিষয়ক লৈ দাবী জনাই আহিছে ৷ বিদ্যালয় প্ৰাদেশীকৰণ আলোচনাত নৱেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লগতে ৰৈ যোৱা বেতন বঞ্চিত শিক্ষকসকলকো মানৱীয় দৃষ্টিভংগীৰে নিয়মীয়া কৰাৰ বাবে সন্মিলনীয়ে অনুৰোধ জনায় ৷ উক্ত আলোচনাত উপস্থিত থাকে শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব কল্যাণ চক্ৰৱৰ্তী,শিক্ষা আয়ুক্ত প্ৰীতম শইকীয়াৰ লগতে উচ্চপদস্থ বিষয়ববীয়াসমূহ ৷

লগতে পঢ়কঃনিৰ্বাচনী আয়োগক প্ৰত্যাহ্বান সদৌ তিৱা ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details