অসম

assam

By

Published : Mar 6, 2022, 10:39 PM IST

ETV Bharat / state

পৌৰসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটে লাভ কৰিব লগীয়া আসনৰ হিচাপ দিলে ভবেশ কলিতা

‘‘পৌৰসভা নিৰ্বাচনত বিজেপি তথা মিত্ৰ দলসমূহে সমগ্ৰ অসমতেই বিজয় সাব্যস্ত কৰিব ৷’’ পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতেই এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ (Bhabesh Kalita comments on municipal election)৷

Bhabesh Kalita comments on municipal election
পৌৰসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটে আশীখন আসনেই দখল কৰিবছ: ভবেশ কলিতা

ৰঙিয়া, 6 মাৰ্চ:‘‘এইবাৰৰ পৌৰসভা নিৰ্বাচনত বিজেপি তথা মিত্ৰ দলসমূহে সমগ্ৰ অসমতেই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব’’ - এনেদৰে মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই । ভোটদানৰ বাবে ভোটাৰ ৰাইজৰ সহাৰি আশাপ্ৰদক বুলি কয় বিধায়কগৰাকীয়ে (Bhabesh Kalita comments on municipal election)।

পৌৰসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটে আশীখন আসনেই দখল কৰিবছ: ভবেশ কলিতা

দেওবাৰে পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতেই ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই দলটোৰ জয় সম্পৰ্কে কৰিলে মন্তব্য । ৰাজ্যৰ আশীখন পৌৰসভাৰ আসনৰ লগতে ভবেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াৰ পৌৰসভাৰ দহখন আসনেই দলটোৱে লাভ কৰিবলৈ সক্ষম হ’ব মন্তব্য কৰে ভবেশ কলিতাই ।

তাৎপৰ্যপূৰ্ণভাৱে শনিবাৰে নিশা ৰঙিয়াৰ ছয় নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰা সন্দৰ্ভত নেতাগৰাকীয়ে নিৰ্বাচনত এনে ঘটনা ঘটিয়েই থাকে বুলি তৰল মন্তব্য কৰে ।

লগতে পঢ়ক:অল কায়দাৰ খলিফা ৰাষ্ট্রৰ মেপত অসম : বিজেপিৰ মুখপাত্র

ABOUT THE AUTHOR

...view details