অসম

assam

ETV Bharat / state

বাইহাটাৰ ‘সৃষ্টি’ সাংস্কৃতিক সংস্থাৰ অগ্ৰণী ভূমিকা - সাংস্কৃতিক সংস্থা

এটি অগ্ৰণী সাংস্কৃতিক সংস্থা ‘সৃষ্টি’য়ে বিকশিত কৰি তুলিছে বহু সুপ্ত প্ৰতিভাৰ ৷ বাইহাটা চাৰিআলিৰ এই সংস্থাটোৰ যোগেদি জন্মলাভ কৰা ‘শংকৰদেৱ সাংস্কৃতিক কলা কেন্দ্ৰ’ নামৰ অনুষ্ঠানে অভিনয়, মুকাভিনয়, সংগীত, সত্ৰীয় নৃত্য, কথক, আধুনিক নৃত্য আদিৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷

srishtri cultural organization
বাইহাটাৰ ‘সৃষ্টি’ সাংস্কৃতিক সংস্থাৰ অগ্ৰণী ভূমিকা

By

Published : Jan 17, 2021, 6:11 PM IST

বাইহাটা,17 জানুৱাৰী : বাইহাটা চাৰিআলিৰ এটি অগ্ৰণী সাংস্কৃতিক সংস্থা হৈছে ‘সৃষ্টি’ ৷ এই সংস্থাটোৱে বিগত সময়চোৱাত অনুষ্ঠিত কৰি আহিছে বিভিন্ন কৰ্মশালাৰ । সৃষ্টিৰ জৰিয়তে ইতিমধ্যে বিকশিত হৈছে বহু সুপ্ত প্ৰতিভাৰ ৷

সংস্থাটোৰ উদ্যোগতেই জন্ম পাইছে ‘শংকৰদেৱ সাংস্কৃতিক কলা কেন্দ্ৰ’ নামৰ এক অনুষ্ঠানৰ ৷ এই অনুষ্ঠানৰ জৰিয়তে অভিনয়, মুকাভিনয়, সংগীত, সত্ৰীয় নৃত্য, কথক, আধুনিক নৃত্য আদিৰ প্ৰশিক্ষণ লাভ কৰিব পাৰিব ৷ অনুষ্ঠানটিৰ আগধৰোতা নাট্যকৰ্মী বেনু পাটোৱাৰী ।

বাইহাটাৰ ‘সৃষ্টি’ সাংস্কৃতিক সংস্থাৰ অগ্ৰণী ভূমিকা

সৃষ্টিৰ পৰাই অসমীয়া ধাৰাবাহিক ‘বেহাৰবাৰী আউটপোষ্ট’ৰ ‘মুকুতা’ খ্যাত অশ্বিনী ডেকাই অভিনয়ৰ শিক্ষালাভ কৰে । এই সংস্থাটো নাথাকিলে অশ্বিনী ডেকাক কোনেও চিনি নাপালেহেঁতেন বুলি তেওঁ সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :Save Kaziranga Save Rhino অভিযানেৰে শিৱসাগৰত উপস্থিত চাইক্লিষ্ট লোচন প্ৰকাশ গগৈ

ABOUT THE AUTHOR

...view details