অসম

assam

ETV Bharat / state

বটলিং প্লান্টত গেছ নিৰ্গমনৰ ঘটনাক কেন্দ্ৰ কৰি মিৰ্জাত হুৱাদুৱা - জিলা প্ৰশাসন

শুকুৰবাৰে জিলা প্ৰশাসনৰ সহযোগত 1 নং বি.এন এন.ডি.আৰ.এফ বাহিনীৰ উদ্যোগত ইণ্ডিয়ান অইলৰ মিৰ্জাস্থিত বটলিং প্লান্টৰ সমীপত এক অনুশীলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

mock drill
mock drill

By

Published : Jun 27, 2020, 3:57 PM IST

আজাৰা, 27 জুনঃবাঘজানৰ পিচত এইবাৰ গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সংঘটিত হৈছে গেছ নিৰ্গমনৰ ঘটনা ৷ ইণ্ডিয়ান অইলৰ মিৰ্জাস্থিত বটলিং প্লান্টলৈ অহা এখন গেছ কঢ়িওয়া বাহনৰ পৰা হঠাতে নিৰ্গত হ'বলৈ ধৰে গেছ ৷ যাৰ ফলত পথতে মুৰ্চা গ'ল বটলিং প্লান্টৰ কৰ্মচাৰীৰ লগতে পথটোৰে অহা-যোৱা কৰা লোক ৷ আহত লোকসকলক ততাতৈয়াকৈ 108 এম্বুলেঞ্চ সেৱাযোগে লৈ যোৱা হয় নিকটবৰ্তী চিকিৎসালয়লৈ ৷ আনহাতে গেছ নিৰ্গমনৰ ফলত অগ্নি সংযোগ হোৱা বাহনৰ অগ্নিনিৰ্বাপন কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোক ৷ অগ্নিনিৰ্বাপক বাহিনীৰ নেৰানেপেৰা চেষ্টাৰ অন্তত সম্প্ৰতি বাহনখনৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে যদিও, এতিয়া শাম কটা নাই গেছ নিৰ্গমন ৷ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ বাবে ঘটনাস্থলীত পৰৱৰ্তী সময়ত উদ্ধাৰকাৰীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷

1 নং বি.এন এন.ডি.আৰ.এফ বাহিনীৰ উদ্যোগত মিৰ্জাত অনুশীলন কাৰ্যসূচী

কিন্তু আপুনি মই ভৱাৰ দৰে এইয়া কোনো বাস্তৱিক ঘটনা নহয় ৷ এইয়া হৈছে প্ৰতৃততে এক ম'কড্ৰিল তথা অনুশীলনহে ৷ যদি এই বৃহৎ বটলিং প্লান্টটোত হঠাতে কেতিয়াবা এনে অনাকাংক্ষিত ঘটনা ঘটে তেন্তে প্লান্টটোত কাম কৰা লোকৰ লগতে সাধাৰণ লোকে কিদৰে তৎপৰতা গ্ৰহণ কৰিব, সেই বিষয়ে ল'বলগীয়া সাৱধানতাৰ বাবে জিলা প্ৰশাসনৰ সহযোগত 1 নং বি.এন এন.ডি.আৰ.এফ বাহিনীৰ উদ্যোগত এই অনুশীলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই অনুশীলন কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক, জিলা প্ৰশাসনৰ বিষয়ববীয়া সকলৰ লগতে এন.ডি.আৰ এফ বাহিনীৰ উচ্চ পদস্থ বিষয়া সকল ৷

লগতে পঢ়কঃসপোন ভগা এজাক কিশোৰীয়ে নতুনকৈ গঢ়িলে জীৱনৰ বাট

ABOUT THE AUTHOR

...view details