ৰঙিয়া, 22 জুলাই :ৰঙিয়াৰ মহখলিত শুকুৰবাৰে আয়োজিত ক'ভিডৰ বিশেষ প্ৰতিষেধক কাৰ্যসূচী উদ্বোধন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসম প্ৰদেশৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই । ৭৫ তম্ স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১৫ জুলাই পৰা সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক'ভিডৰ বুস্তাৰ ড'জ আৰম্ভ কৰা হৈছে ।
এই উপলক্ষে ৰঙিয়াৰ মহখলিত ক'ভিডৰ বিশেষ প্ৰতিষেধকৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে এখন সজাগতা সভাতো অংশগ্ৰহণ কৰে বিজেপিৰ নেতাগৰাকীয়ে । তেওঁ কয় যে ভাৰতে আটাইতকৈ ডাঙৰ আৰু ক্ষীপ্ৰ ক'ভিড প্ৰতিষেধকৰ অভিযান সফলভাৱে ৰূপায়িত কৰিছে । এই অভিযানত দেশখনত প্ৰায় দুশ কোটি প্ৰতিষেধক প্ৰদান কৰি বিশ্বত এক অভিলেখ স্থাপন কৰা হৈছে ।