ৰঙিয়া,৯ জুন: ছাত্র ছাত্ৰীৰ প্ৰতিভা বিকাশৰ উদ্দেশ্য ৰঙিয়া মহাবিদ্যালয়ে গ্ৰহণ কৰিছে এক সুন্দৰ পদক্ষেপ(Special Steps of Rangia College) । মহাবিদ্যালয়খনে প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰিলে এক বিশেষ মেলাৰ । মেলাখনত ছাত্র ছাত্ৰী সকলে নিজ হাতে তৈয়াৰ কৰা সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰী কৰাৰো ব্যৱস্থা কৰা হৈছে ।
মেলাখনত ছাত্ৰ ছাত্ৰী সকলে নিজহাতে বনোৱা বিভিন্ন চিত্ৰ,হস্তকলাৰ লগতে হাতে বোৱা কাপোৰ,বিভিন্ন ধৰণৰ গহনা আৰু অতি কম খৰচত ঘৰতেই নিৰ্মাণ কৰা কণীৰ পৰা পোৱালি উৎপাদন কৰা 'ইঙ্কুভেটৰ'ৰ দৰে সজুলিও প্ৰদৰ্শন কৰে । ইয়াৰ উপৰিও মেলাখনত বড়ো ছাত্ৰ ছাত্ৰী সকলে পৰম্পৰাগত খাদ্য সম্ভাৰৰো বিপনী ৰখাও পৰিলক্ষিত হয় । এই সকলোখিনিৰ উপৰিও সদ্যপ্ৰয়াত বলিউডৰ বিখ্যাত গায়ক কে কেৰ প্ৰতি শ্ৰদ্ধা জনায় মহাবিদ্যালয়খনৰ ছাত্ৰৰ এটা দলে তেওঁৰ বিশাল চিত্ৰ এখনৰো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে ।