গুৱাহাটী, ১৫ ডিচেম্বৰ:জ্যেষ্ঠ নাগৰিকসকলৰ বাবে মানসিক ফিটনেছ আৰু লাইফ ষ্টাইলৰ সুবিধা আগবঢ়োৱা গুৱাহাটীৰ আঁকোৱালি কেয়াৰ ছাৰ্ভিচেছে সোমবাৰে ভিনাইল কাফেত ‘এল্ডাৰলী হোম কেয়াৰ ইনিচিয়েটিভ’ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ৷ অনুষ্ঠানখন মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷ অনুষ্ঠানখনত সন্মানীয় অতিথি হিচাপে ‘শ্ৰেষ্ঠ শিক্ষক’ৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ৰাণু বৰগোঁহাইও উপস্থিত থাকে ৷
আঁকোৱালি ‘এল্ডাৰলী হোম কেয়াৰ ইনিচিয়েটিভ’ৰ দ্বাৰা ডিমেনচিয়াত আক্ৰান্ত জ্যেষ্ঠ নাগৰিক সকলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ যাক সাধাৰণতে আলজেইমাৰ বুলিও কোৱা হয় ৷ উক্ত কাৰ্যসূচীৰ অধীনত প্ৰদান কৰা সেৱা সমূহত ডিমেনচিয়াৰ শুশ্ৰূষা, জৰুৰীকালীন চিকিৎসা সেৱা আৰু সাপ্তাহিক কাউন্সেলিঙৰ সুবিধা অন্তৰ্ভুক্ত কৰা হয় ৷ এই সন্দৰ্ভত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয়, ‘‘আমাৰ জ্যেষ্ঠজনে যাতে যথাসম্ভৱ শ্ৰেষ্ঠতম সেৱা সমূহ লাভ কৰিব পাৰে, সেই সন্দৰ্ভত আমি নিশ্চিত হোৱাটো আৱশ্যক ৷ এই ক্ষেত্ৰত আকুলি কেয়াৰ ছাৰ্ভিচেছে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে'' ৷