অসম

assam

ETV Bharat / state

বিতৰ্কত ছয়গাঁও মহাবিদ্যালয় ! - অধক্ষ্য ড0 ৰাজু বৰদলৈ

অপকৰ্মত লিপ্ত ছাত্ৰ-ছাত্ৰীৰ ভিডিঅ' ভাইৰেল ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড0 ৰাজু বৰদলৈৰ দুৰ্বল পৰিচালনা তথা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সোপাঢিলা নীতিৰ অভিযোগ একাংশ অভিভাৱক তথা একাংশ সচেতন ৰাইজৰ ৷

বিতৰ্কত ছয়গাঁও মহাবিদ্যালয় !

By

Published : Sep 12, 2019, 6:31 PM IST

ছয়গাঁও,12 ছেপ্তেম্বৰ : কোন দিশে আজিৰ ছাত্ৰ সমাজ? সঠিক ৰূপত পৰিচালিত হৈছেনে অসমৰ একাংশ মহাবিদ্যালয়ৰ শৈক্ষিক তথা সামগ্ৰিক পৰিৱেশ? পুনৰবাৰ যুৱ উশৃংখলতাৰ চৰম পৰিণতিৰ ভয়ংকৰ ছবিখন স্পষ্টৰূপত প্ৰতিফলিত হৈছে দক্ষিণ কামৰূপৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা ছয়গাঁও মহাবিদ্যালয়ত ৷ এহাল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে কোঠাৰ ভিতৰতে অপকৰ্মত লিপ্ত হোৱাৰ অশ্লীল দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ঘটনাই পুনৰবাৰ ভবাই তুলিছে সচেতন মহলক ৷ উল্লেখ্য যে সমগ্ৰ দৃশ্য মবাইলত বন্দী কৰি প্ৰচাৰ কৰিছিল নিজৰে সহপাঠীয়ে | অৱশেষত মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ পৰা বহিস্কাৰ কৰে উক্ত ছাত্ৰ-ছাত্ৰী দুগৰাকীক ৷ কিন্তু মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত এনেদৰে ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ অপকৰ্মত লিপ্ত হ’বলৈ পালে সেয়াও হৈছে এক ডাঙৰ প্ৰশ্ন ৷ কিয়নো 2018 চনৰ পৰাই মহাবিদ্যালয়লৈ মবাইল ফোন নিয়া নিষিদ্ধ কৰিছিল মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ যদিহে প্ৰশাসনে মবাইল ফোন নিষিদ্ধ কৰিছিলেই তেনেহলে কেনেকৈ ইমান সুলভ মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত মোবাইলৰ ব্যৱহাৰ?

বিতৰ্কত ছয়গাঁও মহাবিদ্যালয় !

এই সমগ্ৰ ঘটনা চৌদিশে বিয়পি পৰাৰ পাছতে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড0 ৰাজু বৰদলৈৰ দুৰ্বল পৰিচালনা তথা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সোপাঢিলা নীতিৰ অভিযোগ তুলিছে একাংশ অভিভাৱক তথা একাংশ সচেতন ৰাইজে ৷ কেৱল ইমানেই নহয় অলপতে অনুষ্ঠিত হৈ যোৱা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাৰ আগদিনা আৰু পিচদিনা কেইবাটাও কোঠালীত বহু আপত্তিজনক সামগ্ৰী একাংশ লোকে প্ৰত্যক্ষ কৰাৰ অভিযোগ ৰাইজৰ ৷ এতিয়া প্ৰশ্ন হয় মহাবিদ্যালয়ত সংঘটিত এনেবোৰ দুস্কাৰ্য ৰোধ কৰিবলৈ সক্ষম হ’বনে কথাই প্ৰতি দাম্ভিকতাৰ পৰিচয় দিয়াৰ অভিযোগৰে অভিযুক্ত মহাবিদ্যালয়খনৰ অধ্যক্ষ ৰাজু বৰদলৈয়ে? অতি আশ্চৰ্যজনক ভাৱে মহাবিদ্যালয়খনৰ অনুশাসন এতিয়া ৰাজনীতিৰ মেৰপেচত আৱদ্ধ হোৱা বুলি উল্লেখ কৰি সাংবাদিকৰ পৰা এৰাই চলাৰ ঘটনাই অধিক ৰসহ্যঘন কৰি তুলিছে সমগ্ৰ ঘটনা ৷

ABOUT THE AUTHOR

...view details