অসম

assam

ETV Bharat / state

দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

মিৰ্জাত চলি থকা আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িওৱা পাঁচ জন লোকক সম্বৰ্ধনা জ্ঞাপন কৰে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই ৷

By

Published : Sep 26, 2019, 7:17 PM IST

দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

আজাৰা, 26 ছেপ্টেম্বৰঃ মিৰ্জাত বৃহস্পতিবাৰে বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িওৱা পাঁচজন লোকক সম্বৰ্ধনা জ্ঞাপন কৰে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই ৷ মিৰ্জাত চলি থকা আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত এই সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত হয় ৷ সম্বৰ্ধনা জনোৱা ব্যক্তি সকল হৈছে বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়, ইতিহাস থিয়েটাৰৰ প্ৰযোজকদ্বয় ক্ৰমে অখিল কলিতা আৰু সুভাষ দাস ৷ এই থিয়েটাৰ সমূহে বিভিন্ন লোকক সংস্থাপন দিয়াৰ লগতে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনকো সবল কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় ৷ সেয়ে থিয়েটাৰৰ প্ৰযোজক সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় বুলি জানিবলৈ দিয়ে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ বিষয়া সকলে ৷

দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

ইয়াৰোপৰি থাই বক্সিঙত ৰাষ্ট্ৰীয় পৰ্যায়ত ৰূপৰ পদক কঢ়িয়াবলৈ সক্ষম হোৱা ডীপা ৰংপী নামৰ খেলুৱৈগৰাকীক সম্বৰ্ধনাৰ লগতে নগদ ধনৰেও পুৰস্কৃত কৰে ৷ আনহাতে প্ৰতিকুল বতৰকো নেওচি মিৰ্জাত মঞ্চস্থ কৰা হয় আৱাহন থিয়েটাৰৰ ' সন্ধ্যাতৰা ' নাটখন ।

লগতে চাব, আমষ্টাৰডামত অনুষ্ঠিত আইবিচি 2019ত পুৰস্কৃত ইটিভি ভাৰত

ABOUT THE AUTHOR

...view details