ব্যুৰ' ৰিপৰ্ট, 23 অক্টোবৰঃ অৱশেষত যেন গা লৰিল পৰিবহন বিভাগৰ ৷ মঙলবাৰে নিশা হঠাৎ দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত অভিযান চলিল পৰিবহন বিভাগৰ । কি ট্ৰাক, কি বাইক, কি চাৰিচকীয়া বাহন, যান-বাহন আইন অমান্য কৰা সকলো লোককে পৰিবহন বিভাগে বিহিলে জৰিমনা । হাৰি নগল আৰক্ষীও ৷ হেলমেট পৰিধান নকৰাকৈ বাইক চলাই যান-বাহন আইন নমনাৰ বাবে পৰিবহন বিষয়াই জৰিমনা বিহিলে আৰক্ষীক । ইপিনে যোৱা ৩ টা দিনত দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত ট্ৰাক-ডাম্পাৰৰ দৌৰাত্মৰ ফলত ১০ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল । যাৰ বাবে পৰিবহন বিভাগে হঠাৎ অভিযান চলাই মঙলবাৰে নিশা দক্ষিণ কামৰূপৰ বকো, ছয়গাও, মিৰ্জা, কুলশী, লোহাৰঘাট আদিত অভিযান চলাই বিভিন্ন অঞ্চলত শতাধিক চালানবিহীন বালিৰ ট্ৰাক-ডাম্পাৰ জব্দ কৰে ৷
দক্ষিণ কামৰূপত নিশা পৰিবহন বিভাগৰ অভিযান; ৭০ খনৰো অধিক বাহন জব্দ - খ\\\
মঙলবাৰে নিশা হঠাৎ দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত ট্ৰাক-ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলিল পৰিবহন বিভাগৰ । হাৰি নগ'ল আৰক্ষীও । জিলা উপায়ুক্ত, পৰিবহন বিষয়া, চক্ৰ বিষয়াৰ অভিযানত ৭০ খনৰো অধিক ট্ৰাক-ডাম্পাৰ জব্দ ।
![দক্ষিণ কামৰূপত নিশা পৰিবহন বিভাগৰ অভিযান; ৭০ খনৰো অধিক বাহন জব্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4839864-840-4839864-1571802402922.jpg)
অভিযানত জব্দ হোৱা ট্ৰাক-ডাম্পাৰ
দক্ষিণ কামৰূপত নিশা হঠাৎ পৰিবহন বিভাগৰ অভিযান
বিশেষকৈ কুলশী অঞ্চলত ৫০ খনৰো অধিক চালানবিহীন বালি কঢ়িওৱা ট্ৰাক জব্দ কৰাৰ লগতে ছয়গাঁও কুকুৰমাৰা ওচৰৰ বৰতেজপুৰত ২০ খনৰো অধিক গাড়ী জব্দ কৰে ৷ আনহাতে বকোতো অতিৰিক্ত জিলা উপায়ুক্ত, চক্ৰ বিষয়াৰ উপস্থিতিত বহুকেইখন গাড়ী জব্দ কৰে পৰিবহন বিভাগে । লগতে ছয়গাঁও কুকুৰমাৰাত AS-01-CC-2611 নম্বৰৰ দুখন একে নম্বৰৰ গাড়ী জব্দ কৰে ৷ এই অভিযানত স্বয়ং কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি যান-বাহন নিয়ন্ত্ৰণ শাখাৰ লগতে আৰক্ষী আৰু চক্ৰ বিষয়াই অংশগ্ৰহণ কৰে ৷
Last Updated : Oct 23, 2019, 12:22 PM IST