গুৱাহাটী,20 মাৰ্চঃ গুৱাহাটী দক্ষিণ কামৰূপ মহাবিদ্যালয়ত গ্ৰাম্য পৰিবহণ বিভাগে পথ সুৰক্ষা সজাগতা সভাৰ অনুষ্ঠিত কৰে । পথ দুৰ্ঘটনা তথা পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগে আয়োজন কৰে এই পথ সুৰক্ষা সজাগতা সভা ।
দক্ষিণ কামৰূপ মহাবিদ্যালয়ত গ্ৰাম্য পৰিবহণ বিভাগৰ পথ সুৰক্ষা সজাগতা অভিযান - road-safty
গাড়ী চলাওতে ল'বলগীয়া সাৱধানতা সন্দৰ্ভত ছাত্ৰী-ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান পৰিবহণ বিষয়া, গৌতম দাসৰ
দক্ষিণ কামৰূপ মহাবিদ্যালয়ত গ্ৰাম্য পৰিবহণ বিভাগৰ পথ সুৰক্ষা সজাগতা অভিযান
পৰিবহণ বিভাগে2019 চনটো পথ সুৰক্ষা বৰ্ষ হিচাবে সংগতি ৰাখি নিজৰ লগতে আনকো কেনেকৈ বিপদ মুক্ত কৰি ৰাখিবলৈ, আৰু গাড়ী চলাওতে কি কি নিয়ম মানিব লাগে, এই বিষয়ে ছাত্ৰ ছাত্ৰী তথা পথযাত্ৰী সকলৰ উদ্দেশ্যে সভাত পৰিবহণ বিষয়া গৌতম দাসে ভাষণ প্ৰদান কৰে । সভাত উপস্থিত থাকে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ফণীন্দ্ৰ ঠাকুৰীয়া,অভিনেত্ৰী বিৰিণা চক্ৰৱৰ্ত্তী ,MVI জয় সিং ৰংভাৰ কে ধৰি কেইবাগৰাকীয় ও পৰিবহন বিষয়া । লগতে এখনি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় এই সজাগতা সভাত ।