দক্ষিণ কামৰূপ/আজাৰা, 22 ডিচেম্বৰ : কা' আন্দোলনৰ বাবে ৰাজপথত নামিবলৈ পুনৰ সাজু হৈছে আছু । কিয়নো কা' কোনো কাৰণতে মানি লোৱা নহ'ব, কা' বাতিল দাবীত আন্দোলন চলি থাকিব আদি শ্ল'গানেৰে পুনৰ দিল্লী-দিছপুৰক নাগৰিকত্ব সংশোধিত আইন 2019 বাতিলৰ দাবীত হুংকাৰ দিলে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই ।
কা' বাতিলৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ হুংকাৰ উল্লেখ্য যে,দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত মিৰ্জাত মঙলবাৰে চন্দ্ৰধৰ কলিতা আৰু ৰাজেন কুমাৰৰ মত্যু বাৰ্ষিকীৰ উপলক্ষে শ্বহীদ দিৱস পালন কৰা হয় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এসময়ত অসমত আৰম্ভ হৈছিল বিদেশী বহিস্কাৰ আন্দোলন আৰু এই আন্দোলনত সক্ৰিয় ভূমিকা লৈছিল দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই ।
১৯৮০ চনৰ আজিৰ দিনটোতে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ নেতৃত্বত লোৱা এই আন্দোলনৰ কাৰ্যসূচীত অংশ লৈ মিৰ্জাৰ চন্দ্ৰধৰ কলিতা আৰু ৰাজেন কুমাৰে আৰক্ষীৰ গুলিত নিহত হৈ শ্বহীদ হৈছিল । তেতিয়াৰ পৰাই ২২ ডিচেম্বৰৰ দিনটো দুয়ো গৰাকী শ্বহীদৰ স্মৃতিত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই আয়োজন কৰি আহিছে এই শ্বহীদ দিৱস।
এই অনুষ্ঠানত দুয়ো গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই দক্ষিণ কামৰূপৰ বিভিন্ন দল সংগঠন তথা অঞ্চলটোৰ বিশিষ্ট ব্যক্তিয়ে । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে ছাত্ৰ সন্থাই পুনৰ ৰাজ্যত 'কা' আন্দোলন চলিব বুলি হুংকাৰ প্ৰদান কৰি দিল্লী দিছপুৰক অসমত কা' বলৱৎ কৰা পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে ৷
লগতে পঢ়ক: মুখ্যমন্ত্ৰী নীতিশ কুমাৰক চাবলৈ গৈ জনতাই গচকিলে 5 একৰ খেতিপথাৰ