কামৰূপ,২০ আগষ্ট :ক'ৰ'ণা (Corona) মহামাৰীৰ বিভীষিকাৰ ফলত ৰাজ্যৰ সাংস্কৃতিক তথা অন্যান্য অনুষ্ঠানবোৰ বন্ধ থকাৰ ফলত যোৱা দুটা বছৰে শব্দ যন্ত্ৰী মালিক আৰু কৰ্মচাৰীসকলৰ অৱস্থা খুবেই শোচনীয় হৈ পৰিছে । বৰ্তমান তেওঁলোকে পেটৰ তাড়নাত পৰিয়াল পোহ পাল দিয়াৰ বাবে অন্য পথ বাচি ল'বলগীয়া হৈছে । কোনোৱে শাক-পাচলিৰ দোকান দিছে, কোনোবাই আকৌ ব্ৰইলাৰ মাংস বিক্ৰী কৰিছে আন কোনোৱে আকৌ পদ পথত দোকান দিয়া পৰিলক্ষিত হৈছে ।
যোৱা দুটা বছৰে তেওঁলোকৰ শব্দ যন্ত্ৰবোৰ ঘৰতে পৰি থকাৰ ফলত কিছু সামগ্ৰী নিগনিয়ে কুটি তহিলং কৰিছে । অকাৰ্যক্ষম হৈ পৰি আছে লাখ লাখ টকাৰ সা-সামগ্ৰী । এই সন্দৰ্ভত উত্তৰ কামৰূপ জিলাৰ চাউণ্ড এণ্ড লাইট এচ'ছিয়েচনে (Sound And Light Association) প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।