অসম

assam

ETV Bharat / state

10 টকাৰ মোহত 1 লাখ টকা হেৰুৱালে এজনে

সোণাপুৰত বেংকৰ গ্ৰাহকৰ পৰা 1 লাখ টকা লৈ উধাও হ'ল বাইকত অহা দুই দুৰ্বৃত্ত । অচিনাকী যুৱকৰ কথাত পতিয়ন গৈ দিন দুপৰতে এজন লোকে হেৰুৱালে 1 লাখ টকা ৷ ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষী থানাত গোচৰ ৰুজু ৷

10 টকাৰ মোহত 1 লাখ টকা হেৰুৱালে এজনে

By

Published : Aug 2, 2019, 7:41 PM IST

গুৱাহাটী,2আগষ্টঃ চ'ছিয়েল মিডিয়াত সততে ভাইৰেল হৈ পৰা চুৰি কাণ্ডৰ ঘটনা পুনৰ বাৰ সংঘটিত হ'ল সোণাপুৰত ৷ শুকুৰবাৰে চি চি টিভি কেমেৰাত বন্দী হ'ল বাইকেৰে অহা যুৱকে এজন লোকৰ পৰা টকাৰ মোনা লৈ উধাও হোৱাৰ সমগ্ৰ দৃশ্য ৷ তথ্য অনুসৰি সোণাপুৰস্থিত ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা প্ৰাক্তন জলসিঞ্চন বিভাগৰ কৰ্মচাৰী নাজিৰ আলীয়ে গৃহ নিৰ্মাণৰ বাবে শুকুৰবাৰে উলিয়াইছিল 1 লাখ টকা ৷ বেংকৰ পৰা ওলাই ফোন অহাত কথা পতাত ব্যস্ত হৈ পৰে নাজিৰ আলী ৷ ইপিনে পূৰ্বৰে পৰা তেওঁক লক্ষ্য কৰি থকা পালছাৰ বাইকত অহা এজন যুৱকে কয় যে তেখেতৰ কেবাখনো 10 টকীয়া নোট পৰি গৈছে । যুৱকজনৰ কথা শুনি আলীয়ে 10 টকীয়া নোট কেইখন উঠাবলৈ লওতেই অচিনাকী যুৱকজনে আলীৰ বেগটোৰ পৰা সমস্ত ধন লৈ পলায়ন কৰে । ঘটনা সন্দৰ্ভত আলীয়ে সোণাপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ।

10 টকাৰ মোহত 1 লাখ টকা হেৰুৱালে এজনে

ABOUT THE AUTHOR

...view details