অসম

assam

ETV Bharat / state

পুনৰ এন.আৰ.চি শুনানিৰ পৰা উভতি অহা পথত ভয়ংকৰ পথ দুৰ্ঘটনা - ক্ষেত্ৰী

গোলাঘাটৰ পৰা এন.আৰ.চি শুনানি সম্পন্ন কৰি বকো ছয়গাওঁ অভিমুখে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই AS 01 EC 7665 নং ট্ৰেভেলাৰ খন 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাত পতিত হয় ৷

পুনৰ এন.আৰ.চি শুনানিৰ পৰা উভতি অহা পথত ভয়াবহ দুৰ্ঘটনা

By

Published : Aug 6, 2019, 8:01 AM IST

গুৱাহাটী, 6 আগষ্টঃ

গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী অঞ্চল ক্ষেত্ৰীৰ টেটেলিয়াত ভয়াবহ পথ দুৰ্ঘটনা ।

নিয়ন্ত্ৰণ হেৰুৱাই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গছত প্ৰচণ্ড খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহি AS 01 EC 7665 নং ট্ৰেভেলাৰ ৷

গোলাঘাটৰ পৰা এন.আৰ.চি শুনানি সম্পন্ন কৰি বকো ছয়গাওঁ অভিমুখী উভতি আহি থকাৰ সময়তে সংঘটিত হয় এই পথ দুৰ্ঘটনা ।

দুৰ্ঘটনাত আহত 23 জনকৈ যাত্ৰী, 7 জনৰ অৱস্থা সংকটজনক ৷

আঘাতপ্ৰাপ্ত সকলো যাত্ৰীক ভৰ্তি কৰা হয় সোণাপুৰৰ জিলা চিকিৎসালয়ত ৷

পুনৰ এন.আৰ.চি শুনানিৰ পৰা উভতি অহা পথত ভয়াবহ দুৰ্ঘটনা

For All Latest Updates

ABOUT THE AUTHOR

...view details