কামৰূপ , ০৮ জুলাই:দেওবাৰে নিশা হাজোৰ চৰাবৰী বিলপাৰত নৃসংশ হত্যাকাণ্ড সংঘটিত হয় । মাহী মাক মজিৰণ খাতুনক দাৰে ঘপিয়াই হত্যা কৰে পুত্ৰ সমীৰ আলীয়ে । জানিব পৰা মতে কিছুদিনৰ পৰা মজিৰণ খাতুনৰ লগত সমীৰ আলীৰ সম্পত্তিৰ ভাগ বতৰাক লৈ বাক-বিতণ্ডা চলি আছিল ।
সম্পত্তি কেন্দ্ৰীক বিবাদঃ হাজোত মাহী মাকক দাৰে ঘপিয়াই হত্যা পুত্ৰৰ - হত্যাকাণ্ড
দেওবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগলৈ সমীৰ আলীয়ে মাহী মাকক দাৰে আক্ৰমণ কৰে ।
মাহী মাকক দাৰে ঘপিয়াই হত্যা পুত্ৰৰ
তেনে সময়ত দেওবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগলৈ সমীৰ আলীয়ে মাহী মাকক দাৰে আক্ৰমণ কৰে । ঘটনা সংঘটিত কৰিয়ে অভিযুক্ত সমীৰ আলীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ইপিনে ৰাইজৰ অভিযোগ অনুসৰি তেওঁলোকে গুৰুতৰভাৱে আহত মহিলা গৰাকীক চিকিৎসালয়লৈ নিয়াৰ বাবে ১০৮ক যোগাযোগ কৰাত ১০৮ৰ পৰা কোনো সহাৰি নাাপালে । যাৰ ফলত কিছু সময়ৰ পাচত মজিৰণ খাতুনৰ ঘটনাস্থলীত মৃত্যু হয় বুলি জানিব পৰা গৈছে ।