অসম

assam

ETV Bharat / state

কোনে বিপদ মাতিছে ৰঙিয়াৰ বিভিন্ন অঞ্চললৈ ?

ৰঙিয়াৰ বিভিন্ন অঞ্চললৈ বিপদ মাতিছে একাংশ লোকে ৷ মাস্ক পৰিধান নকৰা ৰঙিয়াৰ এচাম লোকৰ বাবে ব্যাপক হ’ব পাৰে ক’ভিডৰ সংক্ৰমণ ৷ আৰক্ষী বিভাগ তথা প্ৰশাসনেও এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰঙিয়াৰ একাংশ সচেতন লোকৰ ৷

By

Published : May 8, 2021, 6:00 PM IST

মাস্ক পৰিধান নকৰে ৰঙিয়াৰ এচাম লোকে
মাস্ক পৰিধান নকৰে ৰঙিয়াৰ এচাম লোকে

ৰঙিয়া,8মে': মহামাৰীৰ কাল গ্ৰাসত সমগ্ৰ ৰাজ্য ৷ ৰাজ্য চৰকাৰে এই মহামাৰীক প্ৰতিৰোধ কৰিবলৈ জাৰি কৰিছে বহু নিয়ম ৷ কিন্তু ইয়াৰ পাচতো একাংশ কাণ্ডজ্ঞানহীন মানুহৰ ভয় নাই এই মহামাৰীলৈ ৷ ব্যৱহাৰ নকৰে মাস্ক, নামানে সামাজিক দূৰত্ব ৷ শুকুৰবাৰৰ দিনটোত ৰঙিয়াত দেখা গ'ল তেনে এক দৃশ্য ৷

মাস্ক পৰিধান নকৰে ৰঙিয়াৰ এচাম লোকে

ৰঙিয়াত মাস্ক নিপিন্ধা সকলৰ অনেক অজুহাত ৷ কোনোবাজনৰ যদি থুতৰিৰ তলত মাস্ক,আন কোনোবাই আকৌ কাণত আৰি ৰাখিছে মাস্ক ৷ মুঠতে নানা অজুহাত এই মাস্কখনৰ বাবে ৷ এই লোক সকলৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে বহু সচেতন লোক ৷ আৰক্ষী বিভাগ তথা প্ৰশাসনেও এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰঙিয়াৰ একাংশ লোকৰ ৷ উল্লেখ্য যে, বৰ্তমানলৈকে ৰঙিয়াত ক'ভিড 19 ত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা 290 গৰাকীলৈ বৃদ্ধি পাইছে ৷ কিন্তু ইয়াৰ পাচতো একাংশ লোকৰ মাজত পৰিলক্ষিত হোৱা নাই কোনো সজাগতা ৷

অন্য এক খবৰৰ বাবে: ক’ভিডৰ ভয়ংকৰ সংক্ৰমণক ৰোধ কৰাৰ ৰণকৌশল

ABOUT THE AUTHOR

...view details