ৰঙিয়া, 14 জানুৱাৰী :বৃহস্পতিবাৰে দুৰ্ঘটনাত পতিত হয় গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ ৷ 15633 নম্বৰৰ গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছখন গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত পশ্চিমবংগৰ দমহানিত লাইনচ্যুত হৈ এই কৰুণ দুৰ্ঘটনা সংঘটিত হয় (Guwahati bikaner express derailed near domohani of West Bangal) ৷
ইতিমধ্যে ৰেলখনত যাত্ৰা কৰা একাংশ যাত্ৰী নিৰাপদে আহি উপস্থিত হৈছে ৰঙিয়া ৰেলৱে ষ্টেচনত ৷ তেওঁলোক প্ৰত্যেকেই এই ভয়াৱহ দুৰ্ঘটনাৰ একোগৰাকী সাক্ষী ৷
এই যাত্ৰীসকলৰ মাজৰেই এগৰাকী মহিলাই সেই ভয়াৱহ দুৰ্ঘটনাৰ বৰ্ণনা দাঙি ধৰিলে(Some passengers on the train described the tragic accident) ৷ যাত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত জনোৱা মতে, দুৰ্ঘটনাটোৰ সময়ছোৱাত ৰে'লৰ ডবাটোত বিজুলী সংযোগ বিচ্ছিন্ন হোৱাত যাত্ৰী সকলৰ মাজত এক আতংকময় পৰিবেশে বিৰাজ কৰিছিল ৷ যাৰ ফলত ৰে'লখনত থকা যাত্ৰীসকলৰ মাজত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছিল ৷