অসম

assam

ETV Bharat / state

ৰঙিয়াত চোৰে নিলে কেইবালাখ টকাৰ জলসিঞ্চন বিভাগৰ সৌৰ শক্তিৰ প্লেট - সৌৰ শক্তি

নিশাটোৰ ভিতৰতে চুৰি হ'ল জলসিঞ্চন বিভাগৰ বিশেষ আঁচনিৰ অধীনৰ সৌৰ শক্তি উৎপাদনকাৰী প্লেট । যাৰ ফলত খেতিপথাৰত পানী যোগান বন্ধ সমগ্ৰ অঞ্চলটোত । আৰক্ষীৰ কাষ চাপিছে আঁচনিখনৰ পৰিচালনা সমিতি ।

Rangia
ৰঙিয়াত চোৰে নিলে কেইবালাখ টকাৰ জলসিঞ্চন বিভাগৰ সৌৰ শক্তিৰ প্লেট

By

Published : Nov 6, 2021, 5:41 PM IST

ৰঙিয়া,৬ নৱেম্বৰ :কামৰূপ জিলাৰ ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত আজৱ কাণ্ড । ৰাতিটোৰ ভিতৰতে নোহোৱা হ'ল জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিৰ সৌৰ শক্তি উৎপাদন প্লেট । ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে ।

উল্লেখ্য যে ৰাইজৰ কৃষিকাৰ্যৰ সহায়ৰ বাবে জলসিঞ্চন বিভাগে (Irrigation Department) স্থাপন কৰিছিল সৌৰ শক্তি উৎপাদনকাৰী প্লেটসমূহ । কিন্তু ৰঙিয়া জলসিঞ্চন সংমণ্ডলৰ অধীনৰ এই আঁচনিখনৰ কেইবা লক্ষাধিক টকাৰ সৌৰশক্তি উৎপাদন কৰা ৯ খনকৈ প্লেট চোৰে লৈ যোৱাৰ ফলত বৰ্তমান পানী যোগান বন্ধ হৈ পৰিছে । স্থানীয় ৰাইজে সন্দেহ কৰা মতে সৌৰ শক্তি উৎপাদন কৰা এই প্লেটসমূহৰ কাৰিকৰী দিশসমূহ ভালদৰে জনা আৰু ইয়াক ব‍্যৱহাৰ কৰা কোনো লোকে এই প্লেটসমূহ চুৰি কৰি লৈ গৈছে ।

ৰঙিয়াত চোৰে নিলে কেইবালাখ টকাৰ জলসিঞ্চন বিভাগৰ সৌৰ শক্তিৰ প্লেট

প্ৰায় ২০ দিন পূৰ্বে ৰঙিয়াৰ দ্বাৰকুছি অঞ্চলৰ পৰাও একেধৰণে সৌৰশক্তি উৎপাদন কৰা ২০ খনকৈ প্লেট চুৰি হৈছিল । আঁচনিখনৰ পৰিচালনা সমিতিৰ লোকসকলে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ।

উল্লেখ্য যে প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা আঁচনিখনৰ পৰা স্থানীয় ৰাইজে খেতিৰ বাবে পানী লাভ কৰিছিল । প্ৰায় ২৫ লাখ টকা ব‍্যয় সাপেক্ষে নিৰ্মাণ হোৱা পানী যোগান আঁচনিখনৰ পৰা অঞ্চলটোৰ প্ৰায় ডেৰ শ বিঘা কৃষিভূমিত পানী যোগান ধৰা হৈছিল । বৰ্তমান ধানৰ খেতিত পানীৰ প্ৰয়োজন শেষ হোৱা বাবে আঁচনিখন বন্ধ হৈ আছিল । শালি খেতিৰ অন্তত কৃষক ৰাইজে ৰবি শস্যৰ বাবে মন মেলিছিল যদিও এতিয়া পানী যোগান বন্ধ হৈ থকাৰ বাবে খেতি কৰিবলৈ অসুবিধা হ'ব বুলি দুখ প্ৰকাশ কৰিছে কৃষক সকলে ।

লগতে পঢ়ক :দীপাৱলীৰ পাছত প্ৰদূষিত গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল

ABOUT THE AUTHOR

...view details