ৰঙিয়া, 7 মাৰ্চঃৰঙিয়াত সমাজ কল্যাণ বিভাগৰ বিশাল সভা ৷ সভাত জেষ্ঠ্য নাগৰিকৰ চৰণ ধুৱাই আশীৰ্বাদ লয় সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । মন্ত্ৰী গৰাকীক সংগ দিলে জলসিঞ্চন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা আৰু মঙ্গলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই । সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত এক বিশাল সভাত উপষ্ঠিত থাকে কেইবা শতাধিক জেষ্ঠ নাগৰিক । আশ্ৰয়হীন তথা জেষ্ঠ নাগৰিকৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে বিভাগে আয়োজন কৰে 'চেতনা' দিৱসৰ ।
সভাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই সমাজ কল্যাণ বিভাগৰ দায়িত্ব দিয়া বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা কৰি কয় যে, তেখেতে বিভাগটোৰ দায়িত্ব দিয়াৰ কাৰণে শনিবাৰে এই জেষ্ঠসকলৰ চৰণ ধুৱাই আশীৰ্বাদ ল'ব পাৰিছো । সমাজত জেষ্ঠ নাগৰিকসকল সুৰক্ষিত হৈ থাকিলেহে এখন সুন্দৰ তথা সংস্কাৰী সমাজ আশা কৰিব পাৰি বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । লগতে এক মমতাময়ী মাতৃৰ দৰে শিশুসকলক পায়স খুৱাই মন্ত্ৰীগৰাকীয়ে জেষ্ঠ নাগৰিকসকলকো চেলেং চাদৰ, ফুলাম গামোচা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায় ।