ৰঙিয়া,২৮ মে':ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত আৰক্ষীৰ অভিযান । গুৱাহাটী অভিমুখী এখন বিশেষ বাহনত আৰক্ষীয়ে চলাই অভিযান । বাহনখনৰ এটা গোপন অংশত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰে গঁড়ৰ খৰ্গ (Rhino horn seized in Rangia) । লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গঁড়ৰ খৰ্গ সৰবৰাহ কৰা এটা সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰীটো হৈছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত গড়গৰি গাঁৱৰ জেহেৰুল ইছলাম (Smuggler arrested with rhino stubble in Rangia) ।
জানিব পৰামতে গঁড়ৰ খৰ্গ সৰবৰাহকাৰীটোৱে ঘগ্ৰাপাৰাৰৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গঁড়ৰ খৰ্গটো লৈ ML05H9336 নম্বৰৰ বাহনখনেৰে ৰাওনা হৈছিল গুৱাহাটী অভিমুখে । এক গোপন খবৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে কামৰূপ নলবাৰী সীমান্তৰ ভাতকুছিত বাহনখনত তালাচী চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে গঁড়ৰ খৰ্গ সৰবৰাহকাৰীটোক । লগতে গড়ৰ খৰ্গ সৰবৰাহত ব্যৱহাৰ কৰা বাহনখনো জব্দ কৰে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে গঁড়ৰ খৰ্গ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি ৰঙিয়া থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে । ধৃত সৰবৰাহকাৰীটোৱে কেইবা লক্ষাধিক টকাৰ বিনিময়ত গঁড়ৰ খৰ্গটো বিক্ৰী কৰাৰ উদ্দেশ্যেৰে গৈ থকা অৱস্থাত আৰক্ষীৰ হাতত ধৰা পৰে (Rhino horn rescued in Rangia) ।