অসম

assam

Ganja seized in Rangia: ৰঙিয়াত নিচাজাতীয় সামগ্ৰীৰ সৈতে হাতে লোটে আটক বহিঃৰাজ্যৰ সৰবৰাহকাৰী

By

Published : Nov 1, 2022, 2:19 PM IST

ৰঙিয়া ৰে’লৱে আৰক্ষীয়ে গাঞ্জাসহ আটক কৰে এটা সৰবৰাহকাৰীক ৷ সৰবৰাহকাৰীটো বিহাৰৰ ভগলপুৰৰ সুভাষ কুমাৰ বুলি আৰক্ষী সূত্ৰে প্ৰকাশ । জব্দকৃত গাঞ্জাখিনিৰ ওজন প্ৰায় ১৫ কেজি ৷ এই গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Ganja seized in Rangia)।

Smuggler arrested with Ganja in Rangia
ৰঙিয়াত নিচাজাতীয় সামগ্ৰীৰ সৈতে হাতে-লোটে আটক বহিঃৰাজ্যৰ সৰবৰাহকাৰীক

ৰঙিয়া, 1 নৱেম্বৰ: নিচাজাতীয় দ্ৰব্যৰ কৰাল গ্ৰাসত পৰিছে নৱপ্ৰজন্ম ৷ নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত ইতিমধ্যে ধ্বংস হৈছে বহু যুৱক-যুৱতীৰ জীৱন ৷ ধ্বংস হৈছে এখন এখন ঘৰ ৷ নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ ফলতে বিনষ্ট হৈছে বহু পৰিয়ালৰ সুখ-শান্তি ৷ এই বৰবিহৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ বাবে চৰকাৰেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷

এই ক্ষেত্ৰত অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সষ্টম হৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাই গৈছে অভিযান ৷ ধাৰাবাহিকভাৱে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰতৰ অভিযান (Anti Drugs mission in Assam) ৷ প্ৰায় প্ৰতিদিনে ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য অথবা সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰিছে বহু অপৰাধীকো ৷ কিন্তু আৰক্ষী যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷ ৰঙিয়াত বিভিন্ন সময়ত আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰাৰ সময়ত বা সেৱনৰ সময়ত বহু লোকক গ্ৰেপ্তাৰ কৰিছে ৷ যদিও বৰ্তমানেও ৰঙিয়াত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ ৷ শেহতীয়াকৈ ৰঙিয়া ৰে’ল ষ্টেচনত মঙলবাৰে পুনৰ নিচাজাতীয় সামগ্ৰীৰ সৈতে আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী ।

ৰে’লৱে আৰক্ষীৰ তালাচী অভিযানত নিচাজাতীয় সামগ্ৰীৰ সৈতে হাতে-লোটে আটক কৰে বহিঃৰাজ্যৰ এটা সৰবৰাহকাৰীক ৷ সৰবৰাহকাৰীটো বিহাৰৰ ভগলপুৰৰ সুভাষ কুমাৰ বুলি আৰক্ষী সূত্ৰে প্ৰকাশ (Ganja seized in Rangia) । ৰঙিয়া ৰে’ল ষ্টেচনত নিয়মীয়া তালাচীৰ সময়ত ৰঙিয়া ৰে’লৱে আৰক্ষীয়ে গাঞ্জাসহ যাত্ৰীৰূপী গাঞ্জা সৰবৰাহকাৰীটোক আটক কৰে ।

জব্দকৃত গাঞ্জাখিনিৰ ওজন প্ৰায় ১৫ কেজি ৷ এই গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ৰে’ল যাত্ৰীৰূপী গাঞ্জা সৰবৰাহকাৰী সুভাষ কুমাৰে আগৰতলাৰ পৰা বিহাৰলৈ যোৱা দেওঘৰ এক্সপ্ৰেছত গাঞ্জাখিনি এটা বেগত লৈ গৈ আছিল । সেই সময়তে ৰে’লৱে আৰক্ষীয়ে ৰঙিয়া ৰে’ল ষ্টেচনত লোকজনক হাতে-লোটে আটক কৰে (Smuggler arrested with Ganja in Rangia) ।

ইফালে বহু সময়ৰ জেৰাৰ অন্তত সৰবৰাহকাৰীটোক স্বাস্থ্য পৰীক্ষা কৰাই আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰা হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ৰঙিয়া ৰে’ল ষ্টেচনত বহুবাৰ নিচাজাতীয় সামগ্ৰী সহিতে বহু লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানেও যে সৰবৰাহ অব্যাহত আছে সেই কথা এই ঘটনাটোৰ পিছত নুই কৰিব নোৱাৰি ৷

লগত পঢ়ক:Drugs seized in Patharkandi: আৰক্ষীৰ বাহনত খুন্দিয়াই পলায়ন ড্ৰাগছ সৰবৰাহকাৰীৰ

ABOUT THE AUTHOR

...view details