আমিনগাঁও, 29 মে': আমিনগাঁৱত মন্দিৰ নিৰ্মাণক লৈ দুই ফৈদৰ মাজত সংঘাত ৷ পঞ্চায়ত কৰ্মী আৰু ৰাইজৰ মাজত হোৱা সংঘাত পালেগৈ পঞ্চায়তৰ কাৰ্যালয় ৷ আমিনগাঁও ইষ্ট কলনীৰ এটা মন্দিৰ স্থানান্তৰ কৰাত ৰাইজক বাধা প্ৰদান কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি কোৱা চুজয় চাহা নামৰ লোকজনে ৷ এই ঘটনাক লৈয়ে দীৰ্ঘদিন ধৰি সংঘাত হৈ আছিল স্থানীয় ৰাইজ আৰু চুজয় চাহাৰ মাজত ৷
আমিনগাঁও ৮০নং লাচিতগড় গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি - লাচিতগড় গাওঁ পঞ্চায়ত
আমিনগাঁও ইষ্ট কলনীৰ এটা মন্দিৰ স্থানান্তৰ কৰাক লৈ পঞ্চায়ত কৰ্মী আৰু ৰাইজৰ মাজত সংঘাত ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আমিনগাঁও আৰক্ষী চকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ
আমিনগাওঁ ৮০ নং লাচিতগড় গাওঁ পঞ্চায়তত উত্তপ্ত পৰিস্থিতি
সমগ্ৰ ঘটনা সন্দৰ্ভত আমিনগাওঁ আৰক্ষী চকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ। তাৰোপৰি এই ঘটনাক লৈ আমিনগাঁও লাচিত গড়গাঁও পঞ্চায়তৰ বিজেপি কৰ্মীৰ মাজতো বিসম্বাদৰ সৃষ্টি হয় ৷ আনহাতে বিজেপি নেতা পুষ্প ডেকাৰ বিৰুদ্ধেও মাটি খনন,আই আই টি ভূমি বেদখলকে ধৰি কেইবাটাও চাঞ্চল্যকৰ অভিযোগ তুলিছে বিজেপি নেতা গোপাল টিৱাৰীয়ে।