২৪ ঘন্টাৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰিব মৌচুমীয়ে - মৌচুমী
ইয়াৰোপৰি ৯ আৰু ১০ জুনত অসমৰ লগতে ৫ৰাজ্যত প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে । আনহাতে শুকুৰবাৰে গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ৩৪.৪ ডিগ্ৰি চেলছিয়াচ বুলি জনায় বতৰ বিজ্ঞান কেন্দ্ৰই ৷
আজাৰা, 7 জুনঃ আগন্তুক ২৪ ঘন্টাৰ ভিতৰত বংগোপ সাগৰ হৈ কেৰেলাত প্ৰৱেশ কৰিব মৌচুমী বতাহে ৷ ইয়াৰ ২-৩ দিন পিছতে উত্তৰ-পুৰ্বাঞ্চল দিশে গতি কৰিব মৌচুমীয়ে । ৮ জুনৰ পৰা ১২ জুনলৈ ঘন্টাত প্ৰায় ৩০/৪০ কিমি গতিবেগত বতাহ বলাৰ লগতে অসম,মেঘালয়,অৰণাচল,মণিপুৰ,মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ধাৰাষাৰ বৰষুণ অহাৰ প্ৰচুৰ সম্ভৱনা কথা জানিবলৈ দিয়ে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইয়াৰোপৰি ৯ আৰু ১০ জুনত অসমৰ লগতে এই ৫ৰাজ্যত কিছু ঠাইত প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে । আনহাতে শুকুৰবাৰে গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ৩৪.৪ ডিগ্ৰি চেলছিয়াচ বুলি জনায় বতৰ বিজ্ঞান কেন্দ্ৰই ৷