দক্ষিণ কামৰূপ, 17 জুনঃ মামণি ৰয়ছম গোস্বামীৰ জন্মস্থান আমৰংগা বৰিহাটত তেওঁৰ আশা, সপোন তথা অনুদানেৰে নিৰ্মাণ কৰা হৈছিল উমাকান্ত- চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসা কেন্দ্ৰ ৷ কিন্তু বৰ্তমান তেওঁৰ সপোনৰ চিকিৎসালয়খনত পৰিলক্ষিত হৈছে এক পুতৌলগা অৱস্থা ৷ চিকিৎসালয়খন আছে যদিও চিকিৎসালয়খনত নাই চিকিৎসক লগতে পৰ্যাপ্ত চিকিৎসাকৰ্মীৰ ৷ বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাত বৰ্তমান চিকিৎসালয়খনলৈ ৰোগী আহিও উভতি যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷
মামণি ৰয়ছম গোস্বামীৰ সপোনৰ চিকিৎসালয়ৰ দুৰাৱস্থা - South Kamrup
এলাগী হৈ পৰিছে জ্ঞানপীঠ বঁটা বিজয়ী মামনী ৰয়ছম গোস্বামীৰ সপোনৰ চিকিৎসালয় ৷ বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাত বৰ্তমান চিকিৎসালয়খনলৈ ৰোগী আহিও উভতি যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷
মামণি ৰয়চম গোস্বামীৰ সপোনৰ চিকিৎসালয়ৰ দুৰাৱস্থা
বিভিন্ন প্ৰকাৰৰ চিকিৎসাযন্ত্ৰ থকা স্বত্বেও যন্ত্ৰবোৰ জহি-খহি যোৱাত চিন্তিত হৈ পৰিছে অঞ্চলটোক ৰাইজ ৷ অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক এই বিষয়টোত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷