গুৱাহাটী, 15 জুন : ব্যস্ততাত মাজত হয়টো কেতিয়াবা আমি অনাথ শিশুসকলৰ কথা পাহৰি যাঁও । এইবাৰ এই অনাথ শিশু সকলৰ ওচৰ চাপিছে ভাৰতীয় জীৱন বীমা নিগমে । অনাথ শিশুসকলে আশ্ৰমৰ পৰা বিভিন্ন বিদ্যালয়লৈ অহা-যোৱা কৰোতে হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰঝাৰ বিমান বন্দৰৰ সমীপত অৱস্থিত এছ অ' এছ শিশুগাঁৱত বাস কৰা শিশুসকলৰ বাবে ভাৰতীয় জীবন বীমা নিগমে আগবঢ়াইছে এখন স্কুলবাছ ।
বৰঝাৰস্থিত এছ অ' এছ শিশুগাঁওলৈ ভাৰতীয় জীৱন বীমা নিগমৰ স্কুলবাছ - BARJHAR
এছ অ' এছ শিশুগাঁৱত বাস কৰা অনাথ আশ্ৰমৰ শিশুসকলৰ বিদ্যালয়লৈ অহা-যোৱা কৰাত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জীবন বীমা নিগমে আগবঢ়াইছে স্কুলবাছখন ।
বৰঝাৰস্থিত এছ অ' এছ শিশুগাঁওলৈ ভাৰতীয় জীৱন বীমা নিগমৰ স্কুলবাছ
সামজিক দায়বদ্ধতা আঁচনিৰ (চি এছ আৰ) অংশ হিচাপে এছ অ' এছ শিশুগাঁৱত শিক্ষার্থীসকলৰ সুবিধাৰ বাবে এখন স্কুল বাছ প্ৰদান কৰে ভাৰতীয় জীৱন বীমা নিগমে । এই উপলক্ষে শিশুগাঁৱৰ চৌহদত আয়োজিত অনুষ্ঠানত ভাৰতীয় জীবন বীমা নিগমৰ বিষয়া লগতে বৰঝাৰ বিমানবন্দৰৰ পৰিচালক সঞ্চলক উপস্থিত থাকি বাহনখন আশ্ৰমখনলৈ প্ৰদান কৰে।