কামৰূপ, 1 জুন: লক ডাউনৰ মাজতে কামৰূপ জিলাৰ হাজোত ৰামদিয়া চৈতন্যদেৱ চিল্ক উইভিং সমবায় সমিতিৰ শিপিনিৰ মৌন প্ৰতিবাদ ৷ কৰ'ণাৰ সন্ত্ৰাসৰ বাবে দেশজুৰি বলৱৎ হোৱা লক ডাউনৰ বাবে বাবে ব্যৱসায় বন্ধ হৈ পৰাত লোকচানৰ সন্মুখীন হোৱা শিপিনীসকলে সহায়ৰ দাবীৰে সাব্যস্ত কৰিছে এই প্ৰতিবাদ ৷ তেওঁলোকৰ বিভিন্ন সমস্যা সমুহৰ সমাধানৰ দাবীৰে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে শিপিনীসকলে ৷
উল্লেখ্য যে, লক ডাউনৰ বাবে ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈছে হাজোৰ ৰামদিয়া চৈতন্যদেৱ চিল্ক উইভিং সমবায় সমিতিৰ প্ৰায় তিনিহাজাৰ শিপিনী ৷ মুখ্যত বস্ত্ৰ নগৰী শুৱালকুছিৰ নিকটৱৰ্তী ৰামদিয়া বঙালতোলাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে শিপিনীসকল ৷ যাৰ ফলত চৰকাৰৰ সহায় বিচাৰি সোমবাৰে হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন লৈ ৰামদিয়া বঙালতোলা শ্ৰী শ্ৰী চৈতন্য সত্ৰ প্ৰাংগণত মৌন প্ৰতিবাদ কৰিবলৈ বাধ্য হয় শিপিনীসকল ৷