গুৱাহাটী,15 জুন : "নিজৰ ব্যক্তিগত সম্পত্তিৰ ওপৰতো অধিকাৰ নাথাকে এজন মন্ত্ৰীৰ ৷সকলো বিষয়তে দোষ জাপি দিয়া হয় এগৰাকী মন্ত্ৰীৰ ওপৰত ৷" সম্পত্তি সন্দৰ্ভত চলি থকা বিতৰ্কৰ বিষয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়ালে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷আত্মপক্ষসমৰ্থন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সাময়িকভাৱেহে ব্যৱসায়িক প্ৰতিস্থানটোক নিজৰ ম্যাদি মাটিৰ মাজেৰে অহা যোৱা কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ৷এই ক্ষেত্ৰত কোনো চুক্তি স্বাক্ষৰ কৰা নাই ৷সাময়িকভাৱে প্ৰদান কৰা সুবিধাৰ ব্যৱসায়ীজনে অপব্যৱহাৰ কৰাৰ বাবে তেওঁ অহা যোৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
"মন্ত্ৰী হোৱাটো এক বিড়ম্বনা " কিয় ক'লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ? - ইটিভি ভাৰত
মিডিয়াৰ স্বত্বাধিকাৰী সকলে যি মন যায় তাকে কৰিব পাৰে কিন্তু নিজৰ ম্যাদিৰ মাটিত ,ঘৰৰ চোতালেদি কাৰোবাক আহিব দিয়া নিদিয়াতো ব্যক্তিগত অধিকাৰ বুলি ক'লে মন্ত্ৰীগৰাকীয়ে। ঘৰৰ চৌহদৰ দুৱাৰ বন্ধ কৰিব নকৰিব সেই সন্দৰ্ভত চুবুৰীয়াক সোধাৰ প্ৰয়োজন নাই বুলি কলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
ETV BHARAT
উল্লেখযোগ্য , মন্ত্ৰীগৰাকীয়ে বাসগৃহৰ প্ৰৱেশ দুৱাৰ সাগৰ বীজপ্লেক্সৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলৰ বাবে বন্ধ কৰি দিয়াৰ অভিযোগ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল। মন্ত্ৰীগৰাকীৰ লগত হোৱা চুক্তি অনুসৰি পূৰ্বেই ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে তেওঁৰ বাসগৃহৰ পথটো ব্যৱহাৰ কৰিব পাৰিব বুলি অনুমতি দিয়ে বুলি প্ৰকাশ কৰিছিল প্ৰতিষ্ঠানটোৱে ৷