গুৱাহাটী, 30 আগষ্টঃ ভাৰতৰ ছাত্ৰ ফেডাৰেচনে গুৱাহাটী বিশ্ববিদ্যালয়ক কৰি অহা দাবী সমূহ পূৰণৰ বাবে শুক্ৰবাৰে লক্ষীধৰ বৰা ক্ষেত্ৰত এখনি সভা অনুষ্ঠিত কৰে৷ দীৰ্ঘদিন ধৰি ভাৰতৰ ছাত্ৰ ফেডাৰেচনে বিশ্ববিদ্যালয়ৰ বিভিন্ন দিশৰ সংস্কাৰৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ আগত দাবী জনাই আহিছিল৷ ফেডাৰেচনৰ দাবী সমূহ আছিল-
1. পৰীক্ষা শেষ হোৱাৰ 45 দিনৰ ভিতৰত ফলাফল ঘোষণা
2.গ্ৰেডিং ব্যৱস্থাৰ আসোঁৱাহ সমূহ দূৰ কৰা
3. পুনৰ মুল্যাংকন তিনিস্তৰীয় ব্যৱস্থা উঠাই লোৱা
4. বেক উঠোৱাৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰোৱা
5. লগতে পৰ্যাপ্ত আন্তঃগাঁথনি আৰু শিক্ষক নোহোৱা লৈ CBCS ব্যৱস্থা বাতিল কৰা
ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ সমাবেশ
উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্যই এই দাবী সমূহৰ ভিত্তিত ছেমিষ্টাৰ চিষ্টেমৰ সমাধানৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যেৰে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ লগতে ভাৰতৰ ছাত্ৰ ফেডাৰেচনে দাবী সমূহ পূৰণৰ বাবে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক 30 দিনৰ সময় সীমা বান্ধি দিছে৷ যদিহে দাবী সমূহ 30 দিনৰ ভিতৰত পূৰণ নহয় তেন্তে পুনৰ আন্দোলন কাৰ্য্যসূচী হাতত লোৱাৰ কথা জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে৷