অসম

assam

ETV Bharat / state

জলসম্পদ বিভাগৰ অকৰ্মণ্যতাই বিপদ মাতি আনিছে এখন দলঙলৈ - Minister Pishus Hazarika

বৰলীয়া নৈৰ ওপৰত থকা 8 কোটি টকীয়া পকী দলংখনলৈ আহিছে তীব্ৰ ভাবুকি ৷ সময় থাকোতেই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

Severe threat to Baralia river bridge in Rangia
জলসম্পদ বিভাগৰ অকৰ্মণ্যতাই বিপদ মাতি আনিছে 8 কোটি টকীয়া দলঙলৈ

By

Published : Jul 26, 2021, 10:38 AM IST

ৰঙিয়া,25 জুলাই : অসম চৰকাৰৰ এটা অন্যতম বিভাগ হৈছে জলসম্পদ বিভাগ (Water Resource Department) ৷ কিন্তু জলসম্পদ বিভাগৰ অকৰ্মণ‍্যতাই বিপদ মাতি আনিছে এখন 8 কোটি টকীয়া দলঙলৈ । দলঙখন আছে ৰঙিয়াৰ তুলসীবাৰীৰ পৰা বাক্সা জিলা (Baksha District)ৰ গোৰেশ্বৰ সংযোগী পথৰ লাহাপাৰা অঞ্চলত বৰলীয়া নৈ (Baralia River)ৰ ওপৰত । যি ঠাইত দলঙখন আছে সেই ঠাইৰপৰা মাত্ৰ কেইমিটাৰমান দূৰৈত বৰলীয়া নৈখনে ভাঁজ লৈছে ।

গতিকে বাৰিষাৰ ভৰা নৈৰ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ জলসম্পদ বিভাগে নৈখনত ব'ল্ডাৰ পিটচিং বান্ধ সাজিছে। কিন্তু নিৰ্মাণৰ মাত্ৰ তিনিমাহ পিছতেই এই বান্ধসমূহ নদীখনে উটুৱাই লৈ গৈছে । ফলত সেই অঞ্চলটোত নৈখনে ভয়ংকৰভাৱে খহনীয়া (Erosion)ৰ সৃষ্টি কৰিছে । ইতিমধ্যে নৈ খনৰ খহনীয়াত অঞ্চলটোৰ এটা মূল পথৰ আধা অংশ জাহ গৈছে ।

লগতে পঢ়ক :পানীৰ বাবে খেতি কৰিব নোৱাৰা খৰাং অঞ্চলক চৰকাৰে দিব সাহাৰ্য

আনহাতে, বান্ধ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তেই স্থানীয় ৰাইজে বান্ধৰ কামটো বিজ্ঞানসন্মতভাৱে হোৱা নাই বুলি বিভাগীয় কৰ্তৃপক্ষক আপত্তি দৰ্শাইছিল । কিন্তু বিভাগটোৰ বিষয়া আৰু ঠিকাদাৰে ৰাইজৰ আপত্তিৰ প্ৰতি কোনো কাণষাৰ নিদিলে বুলি সাংবাদিকৰ আগত অভিযোগ কৰে স্থানীয় ৰাইজে ।

জলসম্পদ বিভাগৰ অকৰ্মণ্যতাই বিপদ মাতি আনিছে 8 কোটি টকীয়া দলঙলৈ

যাৰ ফলত নিৰ্মাণৰ মাত্ৰ তিনিমাহ পিছতেই জলসম্পদ বিভাগে নিৰ্মাণ কৰা বান্ধটো নৈৰ সোঁতে উটুৱাই লৈ যায় । ফলত ঘাই পথটোত থকা দলংখনলৈ আহিছে তীব্ৰ ভাবুকি ৷ এতিয়া স্থানীয় ৰাইজে সোনকালে বিষয়টো সন্দৰ্ভত তদন্ত কৰি মেৰামতিৰ ব‍্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে । নহ'লে কম দিনৰ ভিতৰতেই নৈখনৰ বুকুত জাহ যাব 8 কোটি টকীয়া দলঙখন ৷

এই দলঙৰ ওপৰৰে দৈনিক সহস্ৰাধিক ৰাইজে যাতায়াত কৰে ৷ গতিকে চৰকাৰ তথা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা (Water Resource Minister Pishus Hazarika) ক শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷ অৱশ্যে মন্ত্ৰী গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয় ৷

লগতে পঢ়ক- সোমবাৰে তিনিচুকীয়াত ২৪ ঘণ্টীয়া অইল বন্ধৰ আহ্বান

ABOUT THE AUTHOR

...view details