ৰঙিয়া, ২৩ নৱেম্বৰ: কামৰূপ জিলাৰ ৰঙিয়াৰ লৰমা গৌৰহাটীত কিশোৰীসকলক বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে (Training of adolescent girls in Rangia)। এই আওহতীয়া গাঁওখনৰ প্ৰতিঘৰৰ কিশোৰীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে গ্ৰাম্য বিকাশ মঞ্চই (Gramya Bikash Mancha)। জ্ঞান কেন্দ্ৰত গাঁওখনৰ কিশোৰী সকলক খেলা-ধূলাৰ লগতে বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হৈছে ।
উক্ত কেন্দ্ৰটোত বিনামূলীয়াকৈ কম্পিউটাৰ প্ৰশিক্ষণৰ লগতে কাপোৰ চিলাইৰো প্ৰশিক্ষণ দিছে অভিজ্ঞ প্ৰশিক্ষকে (Free Computer training at Rangia)। তদুপৰি কাগজেৰে বনোৱা বিভিন্ন সামগ্ৰী, বাঁহেৰে তৈয়াৰ কৰা সা-সাজুলিৰ প্ৰশিক্ষণৰ ব্য়ৱস্থা কৰিছে উদ্য়োক্তাসকলে (Training in bamboo preparations at Lorama Gourhati)। আনহাতে, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ বাবে নিজকে কিদৰে গঢ়ি তুলিব পাৰিব সেই বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা (Cultural training of Gramya Bikash Mancha)।