অসম

assam

By

Published : May 4, 2020, 1:50 PM IST

ETV Bharat / state

লক্ ডাউনৰ মাজতে চাৰি যুৱক-যুৱতীয়ে উলিয়ালে উপাৰ্জনৰ বিকল্প পথ

দীৰ্ঘদিনীয়া লক্ ডাউনৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা বহু উচ্চ শিক্ষিত যুৱক-যুৱতীৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে । তেনে সময়তে ৰঙিয়াৰ কেইজনমান উদ্যমী উচ্চ শিক্ষিত যুৱক-যুৱতী একলগ হৈ আৰম্ভ কৰিছে এক নতুন ব্যৱসায় ।

self employed young people at Rangia
লক্ ডাউনৰ মাজতে ৰঙিয়াৰ চাৰি উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে উলিয়াইছে উপাৰ্জনৰ পথ

ৰঙিয়া,4 মে'ঃদেশত চলি থকা লক্ ডাউনৰ বাবে মোক্ষম আঘাত পৰিছে দেশৰ অৰ্থনীতিত ৷ ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা বহু উচ্চ শিক্ষিত যুৱক-যুৱতীৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে ৷ কিন্তু এই লক্ ডাউনৰ মাজতে অৰ্থ উপাৰ্জনৰ পথ বাচি উলিয়াইছে ৰঙিয়াৰ কেইজনমান উদ্যমী উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে ৷ তেওঁলোকে লগলাগি আৰম্ভ কৰিছে এক নতুন ব্যৱসায় ৷

লক্ ডাউনৰ মাজতে ৰঙিয়াৰ চাৰি উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে উলিয়াইছে উপাৰ্জনৰ পথ

ৰঙিয়া অঞ্চলৰ নগৰিকক সামৰি ঘৰে ঘৰে গৈ ৰেষ্টুৰেণ্টৰ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে এওঁলোকে।Food Deliveryনামেৰে ফেচবুক পেজ খুলি আৰু ফেচবুকৰ জৰিয়তে প্ৰচাৰৰ দ্বাৰা আৰম্ভ কৰিছে এই ব্যৱসায় । ফেচবুকৰ পেজত প্ৰচাৰ চলোৱাৰ পিছতে গ্ৰাহকৰ পৰা যথেষ্ট সঁহাৰি পোৱা পৰিলক্ষিত হৈছে । ফোন কৰি অথবা হোৱাটছ এপত মেছেজ কৰি খাদ্য বস্তু ঘৰত যোগান দিয়াৰ ব্যৱস্থা কৰিছে যুৱক-যুৱতী কেইজনে ।

কৰ'ণাৰ পৰা সতৰ্কতা অৱলম্বন কৰি সম্পূৰ্ণ চাফ-চিকুনকৈ খাদ্য প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰাৰ বাবে গ্ৰাহক সকলেও উচ্চ শিক্ষিত যুৱক-যুৱতী কেইগৰাকীক প্ৰশংসা কৰিছে ।

ABOUT THE AUTHOR

...view details