অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ ব্যস্ত মহানগৰ প্ৰশাসন.... - নৰেন্দ্ৰ মোডীক লৈ কটকটীয়া নিৰপত্তা ব্যৱস্থা

ইতিপূৰ্বে Indo-Japan সন্মিলনৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ সহিতে অসম ভ্ৰমণ কৰা কথা আছিল মোডীয়ে ৷ কিন্তু সেই সময়ত অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে তীব্ৰতৰ ৰূপ ধাৰণ কৰি থকাৰ ফলত বাতিল হৈছিল মোডীৰ সেই ভ্ৰমণ ৷ বৰ্তমানেও যিহেতু কা বিৰোধী আন্দোলন সম্পূৰ্ণৰূপে মাৰ যোৱা নাই তাৰবাবে অধিক সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷

বড়ো শান্তি-চুক্তিৰ বিজয় উল্লাস অনুষ্ঠানত ভাগ ল'বলৈ ৰাজ্যলৈ আহিব প্ৰধানমন্ত্ৰী
বড়ো শান্তি-চুক্তিৰ বিজয় উল্লাস অনুষ্ঠানত ভাগ ল'বলৈ ৰাজ্যলৈ আহিব প্ৰধানমন্ত্ৰী

By

Published : Feb 6, 2020, 8:43 PM IST

গুৱাহাটী, 6 ফেব্ৰুৱাৰীঃশুকুৰবাৰে বড়ো শান্তি-চুক্তিৰ বিজয় উল্লাস অনুষ্ঠানত ভাগ ল'বলৈ ৰাজ্যলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন ৷ কটকটীয়া কৰি তোলা হৈছে বিমান বন্দৰৰ লগতে ৰাজধানী মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা ৷ ইয়াৰোপৰি, মোডীক সন্তুষ্ট কৰিবলৈ পুনৰ সাজোন-কাচোনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে জিলা প্ৰশাসনে ৷ ৰাজপথত বিকল হৈ ওলমি থকা CC কেমেৰা সমূহো পুনৰ সংস্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ যি কি নহওক প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সুবাদতেই যেন কিছু পৰিমাণে পৰিৱৰ্তন সাধন হ'ব ৰাজধানী চহৰখনৰ ৷

বড়ো শান্তি-চুক্তিৰ বিজয় উল্লাস অনুষ্ঠানত ভাগ ল'বলৈ ৰাজ্যলৈ আহিব প্ৰধানমন্ত্ৰী

কিন্তু প্ৰশ্ন হয় প্ৰধানমন্ত্ৰী আহিব বুলি তৎনাইকীয়া হোৱা মহানগৰ জিলা প্ৰশাসনে ইমান দিনে কিয় গুৰুত্ব দিয়া নাছিল প্ৰশাসনৰ সুবিধাৰ বাবে ৰাজপথত স্থাপন কৰা CC কেমেৰাসমূহ মেৰামতি অথবা পুনঃসংস্থাপনত ৷ বিভিন্ন সময়ত অপৰাধীয়ে লক্ষ্য কৰি লোৱা ৰাজধানী চহৰখনক আন সময়ত সুৰক্ষাৰ প্ৰয়োজন নহয় নেকি ?

লগতে পঢ়কঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details