ছিটাৰ নিউজলেটাৰৰ দ্বিতীয় সংখ্যা মুকলি গুৱাহাটী, ১ মাৰ্চ :নীতি আয়োগৰ পৰিপ্ৰেক্ষিতত অসমত গঠন কৰা ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগ চমুকৈ 'ছিটা'ৰ নিউজ লেটাৰৰ দ্বিতীয়টো সংখ্যা মঙলবাৰে মুকলি কৰা হয় (State Innovation and Transformation Commission)। জনতা ভৱন চৌহদত থকা ছিটাৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত নিউজ লেটাৰৰ দ্বিতীয় সংখ্যাটো উন্মোচন কৰে ছিটাৰ উপাধ্যক্ষ ৰমেন ডেকাই । নিউজ লেটাৰৰ দ্বিতীয় সংখ্যাটো উন্মোচন কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ উন্নয়নৰ যাত্রাত ছিটাই সহায়-সহযোগ কৰি আহিছে । চৰকাৰক বিভিন্ন সময়ত বিভিন্ন বিষয়ত আয়োগে দিহা-পৰামৰ্শ আগবঢ়াই আহিছে (Press Conference of SITA in Guwahati)।
আয়োগৰ বিভিন্ন কাৰ্যপন্থাৰ বিষয়ে উল্লেখ কৰি ছিটাৰ উপাধ্যক্ষ ৰমেন ডেকাই কয় যে ৰাজ্যৰ গ্ৰাম্য জীৱনত ব্ৰহ্মপুত্ৰৰ বানপানীৰ প্ৰভাৱ সম্পৰ্কে বিশেষকৈ ইয়াক সমৃদ্ধিলৈ ৰূপান্তৰিত কৰা সন্দৰ্ভত কটন বিশ্ববিদ্যালয়ৰ যোগেদি সমীক্ষা কৰোৱা হৈছে (Cotton University)। এইক্ষেত্রত যথেষ্ট ভাল দিশ উন্মোচিত হৈছে আৰু এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি থকা হৈছে । গুৱাহাটীৰ বিভিন্ন সমস্যাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্রতো আয়োগে কাম কৰি আছে । গুৱাহাটীৰ কৃত্রিম বানপানী, যান-জঁটৰ সমস্যা আদি বিভিন্ন বিষয় তথা সমস্যাকলৈ অলপতে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা তেওঁ সদৰি কৰে । বিশেষকৈ গুৱাহাটীৰ কৃত্রিম বানপানী আৰু ট্ৰেফিক সমস্যা সমাধান কৰাৰ দিশত প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ।
তেওঁ লগতে কয় যে বি বৰুৱা কলেজৰ সহযোগত এটা সংস্থাৰ দ্বাৰা এশগৰাকী শিক্ষাৰ্থীক জাপানীজ ভাষা শিকাই থকা হৈছে আৰু এইসকল শিক্ষাৰ্থীয়ে নিশ্চিতভাৱে সংস্থাপন লাভ কৰিব (B Barooah College)। আনহাতে, ৰ'বটিকছ আৰু ড্ৰোনৰ ক্ষেত্রতো আয়োগে কাম কৰি থকাৰ কথা তেওঁ উল্লেখ কৰে । ছিটাৰ উপাধ্যক্ষ ৰমেন ডেকাই লগতে কয় যে কুকুৰা ফাৰ্ম আৰু মৌ পালনৰ যোগেদি বহু লোকক সংস্থাপিত কৰাৰ দিশত আয়োগে বহুকেইটা পদক্ষেপ গ্ৰহণ কৰিছে । তদুপৰি কেৰিয়াৰ কাউন্সেলিঙৰ বাবে আয়োগে পাঁচটা কেন্দ্ৰ স্থাপন কৰাৰ কথাও তেওঁ সদৰি কৰে ।
আয়োগে সময়ে সময়ে চৰকাৰক বিভিন্ন বিষয়ত পৰামৰ্শ আগবঢ়াই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বহু সময়ত ইয়াৰ ভাল ফলাফল দেখা গৈছে । তেওঁ পুনৰ কয় যে পৰামৰ্শ কাৰ্যকৰী কৰাটো চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ দায়িত্ব । উল্লেখ্য় যে গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত শেহতীয়াকৈ মন্ত্রী অশোক সিংহলৰে ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত মহানগৰীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা, পথ-পদপথৰ উন্নয়ন, ট্ৰেফিকৰ লগতে পাৰ্কিঙৰ সমস্যা আদি বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হয় । বৈঠকখনত আয়োগে সংশ্লিষ্ট বিভাগসমূহক কেতবোৰ পৰামৰ্শ আগবঢ়ায় । আয়োগৰ পৰামৰ্শ আৰু নিৰীক্ষণ সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু এমাহৰ ভিতৰত তাৰ প্ৰতিবেদন দাখিল কৰিবলৈ মন্ত্ৰী সিংহলে নিৰ্দেশ দিয়া বুলিও তেওঁ কয় ।
লগতে পঢ়ক:AAP on Electricity tariff hike: মন্দাৰ সময়তো পুঁজিপতিক ২০ কোটি টকাৰ বিদ্যুৎ মাচুল ৰেহাই APDCL ৰ