অসম

assam

ETV Bharat / state

গুৰু শিষ্যৰ সম্পর্কত কালিমা সনা প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ - School Headmaster arrested over student abuse

সম্পূৰ্ণ এসপ্তাহ পলায়ণ কৰি থকাৰ পিচত অৱশেষত আৰক্ষীৰ জালত পৰিল অভিযুক্ত প্ৰধান শিক্ষক পৰেশ ডেকা । শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিক কালিমা সনাৰ অভিযোগ উত্থাপন হোৱা পৰেশ ডেকাক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে (Headmaster accused of student abuse) ।

headmaster-arrested-for-student-abuse-in-baihata
গুৰু শিষ্যৰ সম্পর্কত কালিমা সনা প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

By

Published : Apr 5, 2022, 4:56 PM IST

বাইহাটা, 5 এপ্ৰিল :গুৰু শিষ্যৰ সম্পর্কত কালিমা সনাৰ অভিযোগ এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে(Baihata Teacher Arrested) । কেইদিনমান পূৰ্বে কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাতিদৰং বিদ্যাপীঠ হাইস্কুলৰ (Patidarrang Vidyapeeth High School) প্ৰধান শিক্ষক পৰেশ ডেকাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা একাংশ ছাত্ৰীক পৰীক্ষাত নিজৰ সুবিধা অনুযায়ী চিট নম্বৰ দিয়া বুলি এক অভিযোগ উত্থাপন হৈছিল (Headmaster accused of student abuse) ৷

মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা কেইগৰাকীমান ছাত্ৰীক নিজৰ অসৎ কামনা পূৰণৰ উদ্দেশ্যে ব্যৱহাৰ কৰাৰ বাবে সুবিধা অনুযায়ী চীট নম্বৰ দিয়াৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষক পৰেশ ডেকাৰ বিৰুদ্ধে ৷ ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হৈ পৰিছে প্ৰধান শিক্ষকগৰাকীৰ বিভিন্ন ধৰণৰ কথোপকথনৰ অশ্লীল অডিঅ’ ক্লিপ ৷

গুৰু শিষ্যৰ সম্পর্কত কালিমা সনা প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

ইয়াৰ পিছতে ছাত্ৰী কেইগৰাকীৰ অভিভাৱকে বাইহাটা চাৰিআলি আৰক্ষী থানাত প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ । গোচৰ ৰুজু হোৱাৰ খবৰ লাভ কৰি দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল প্ৰধান শিক্ষকগৰাকী ৷ আনকি বিদ্যালয়খনৰ এগৰাকী সহকাৰী শিক্ষয়ত্ৰীক ঘৰত গৈ ভাৰপ্ৰাপ্ত শিক্ষয়ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু অভিযুক্ত প্ৰধান শিক্ষকগৰাকীক এইগৰাকী ভাৰপ্ৰাপ্ত শিক্ষয়ত্ৰীয়ে পলায়ণৰ ক্ষেত্ৰত সহযোগ কৰাৰো অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ কিন্তু অৱশেষত সম্পূৰ্ণ এসপ্তাহ পলায়ণ কৰি থকাৰ পিচত অৱশেষত আৰক্ষীৰ জালত পৰে অভিযুক্ত পৰেশ ডেকা(Headmaster arrested for student abuse in Baihata) ।

সম্প্ৰতি অভিযুক্ত পৰেশ ডেকাক POSCO আইনৰ অধীনত আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বাইহাটা চাৰিআলি আৰক্ষীয়ে ।

লগতে পঢ়ক :গুৰু শিষ্যৰ সম্পর্কত কালিমা সানিলে এগৰাকী প্ৰধান শিক্ষকে

ABOUT THE AUTHOR

...view details